গুৱাহাটী : যোৰাবাটত মণিপুৰ পৰা অহা ট্ৰাকত পৰা জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন। আৰক্ষীয়ে মণিপুৰৰ পৰা অহা ট্ৰাকত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইন। জব্দকৃত হে’ৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এইয়া এক অন্যতম বৃহৎ সাফল্য।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ড্ৰাগছ মুক্ত অসম গঢ় দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে বহু সফলতা লাভ কৰিছে। বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ লগতে জব্দ হৈছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছ।

ৰাজ্যৰ অন্যান্য প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই সফলতা লাভ কৰি থকাৰ মাজতে বিগত কিছুদিন ধৰি মহানগৰ আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীত আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে অন্য এক বৃহৎ ড্ৰাগছ বিৰোধী সাফল্য লাভ কৰিবলৈ সক্ষম হয়। পুৱতি নিশাৰ ভাগত যোৰাবাটত এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইন। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ৬৬০ গ্ৰাম হে’ৰইন জব্দ কৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জনক গ্ৰেপ্তাৰ কৰিছে। হে’ৰইনখিনি সৰবৰাহ কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জনৰ নাম হৈছে জেনিছন টায়েজান আৰু মহম্মদ ৱাৰিছ।

মণিপুৰৰ ট্ৰাকৰ পৰা ইমান বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰি অসম আৰক্ষীয়ে চলাই যোৱা ড্ৰাগছ বিৰোধী অভিযানৰ এক অতিকৈ গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে বুলি উল্লেখ কৰিব পাৰি। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।