আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ আদাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মগনীয়াক আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুত্বৰভাৱে আহত মগনীয়া গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাকলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত বুধবাৰে নিশাৰ ভাগত এগৰাকী মগনীয়াক আক্ৰমণ চলায় দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে মগনীয়া গৰাকীক আক্ৰমণ কৰা মগনীয়া গৰাকীৰ পেটৰ নাৰী-ভুৰি ওলাই আহে।

মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত আদাবাৰী তাপা সূতাৰকুচি গাঁৱৰ সোণেশ্বৰ কলিতা নামৰ মগনীয়া গৰাকী দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে। সোণেশ্বৰ কলিতাক কোনে নিশা আক্ৰমণ কৰিলে সেয়া সম্পৰ্কে জানিব পৰা হোৱা নাই।

স্থানীয় ৰাইজ সন্দেহ প্ৰকাশ কৰিছে যে কোনো ড্ৰাগছ আসক্ত লোকে টকাৰ বাবে সোণেশ্বৰ কলিতাক নিশাৰ ভাগত আক্ৰমণ চলাইছিল। ঘটনাস্থলীত আদাবাৰী পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিতি হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে চিকিৎসাৰ বাবে গুৰুত্বৰ ভাৱে আহত সোণেশ্বৰ কলিতাক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইফালে দোষীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে। ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাত মুকালমুৱাত বৃদ্ধি পাইছে অপৰাধৰ ঘটনা।