পলাশবাৰী, সংবাদ ৩৬৫, ১০ আগষ্ট : বোৱাৰী নিৰ্যাতনৰ ঘটনাই বিভিন্ন স্থানত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ পিছত এইবাৰ তেনে এক অমানৱীয় ঘটনা সংঘটিত হল দক্ষিণ কামৰূপ পলাশবাৰী থানাৰ অন্তৰ্গত ভাগৱতীপাৰাত ।

প্ৰায় তিনি বছৰ আগতে ছয়গাঁও বালাসিদ্ধিৰ গাঁৱৰ মাতৃ নিলিমা দাসৰ জীয়ৰী দুলুমণি দাস ভাগৱতীপাৰাৰ ধনমণি দাসৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল । বিবাহৰ পিছৰে পৰা দুলুমণি দাসক শাৰীৰিক মানসিক অকথ্য নিৰ্যাতনৰ বলি হৈছে স্বামী ধনমণি দাসৰ পৰা । এই গুৰুত্বৰ অভিযোগ দুলুমনি দাসৰ পৰিয়ালৰ ।

শুক্ৰবাৰে নিশা দুলুমণি দাসৰ স্বামীৰ ঘৰত দুলুমণি দাসক চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ এয়া আত্মহত্যা নহয় পৰিকল্পিত হত্যা হে । ইতিমধ্যে মৃত দুলুমণি দাসৰ মাতৃয়ে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে স্বামী ধনমণি দাসক গ্ৰেপ্তাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ।

সম্প্ৰতি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে । প্ৰকৃততে স্বামীৰ অত্যাচাৰৰ বলি হৈ পত্নী দুলুমণি দাসে আত্মহত্যা কৰিলে নে স্বামী ধনমণি দাসে হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে গম পোৱা যাব ।