আজাৰা, সংবাদ ৩৬৫, ১০ আগষ্ট : মহানগৰীৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা গ্ৰহন কৰা আজাৰাৰ ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি দিলে হীৰক জয়ন্তী বৰ্ষত । শনিবাৰে ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সংবাদমেল অনুস্থিত কৰি বিভিন্ন কাৰ্যসুচীৰ সম্পৰ্কে সংবাদমাধ্যমক অৱগত কৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে উদযাপন সমিতিয়ে ।

বিদ্যালয়ৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি অহা ১৯ আগষ্ট তাৰিখে বিদ্যালয়ৰ পতাকা উত্তোলন,শোভাযাত্ৰা কৰা হব ।ইয়াৰোপৰি বিদ্যালয়ত ১ কৌটি টকা ব্যয় সাপেক্ষে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ কৌটি টকা ব্যয় সাপেক্ষে ‘হীৰক জ্যোতি ভৱন’ নামেৰে বিদ্যালয়ৰ নতুন গৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

আনহাতে এই হীৰক জয়ন্তী উপলক্ষে বিদ্যালয়ত অহা ২০,২১ আৰু ২২ ডিচেম্বৰ তাৰিখে বিভিন্ন বৰ্নাঢ্য কাৰ্যসূচীৰে সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লগতে বিভিন্ন কাৰ্যসুচীৰো পৰিকল্পনা কৰা হৈছে । এই উপলক্ষে বিদ্যালয়ত পঢ়ি দেশ বিদেশত কৰ্মসূত্ৰে থকা ছাত্ৰ-ছাত্ৰী সকলোক সংবাদমেলযোগে সকলোৰে সহায় সহযোগীতা বিছাৰিছে বিদ্যালয়ৰ লগতে উদযাপন সমিতিয়ে ।