নিউজ ডেস্ক, ২৭ জুলাই, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল (Football) প্ৰতিযোগিতাত কাইলৈ দুখন খেল অনুষ্ঠিত হ’ব৷ আবেলি চাৰি বজাত জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এল দল জামছেদপুৰ এফ চিয়ে আছাম ৰাইফলৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এয়া গ্ৰুপ ‘ডি’ৰ প্ৰথম মেচ৷

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ খেল এইবাৰ প্ৰথমবাৰৰ বাবে জামছেদপুৰত আয়োজন কৰা হৈছে৷ উল্লেখ্য যে জামছেদপুৰ এফ চিৰ বাবে যোৱা ছিজন মুঠেও আশাপ্ৰদ নাছিল৷ আই এছ এলত মুঠ ২২ মেচ খেলা ক্লাবটোৱে পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে ১১ খনত পৰাজয়ৰ সন্মুখীন হৈছিল৷

ছখন মেচত পইণ্ট ভগাই লোৱা জামছেদপুৰ দলে পইণ্ট তালিকাৰ অন্তিম দ্বিতীয় স্থানত থাকিয়ে ছিজন সামৰে৷ বিপৰীতে, আছাম ৰাইফলছৰ খেলুৱৈৰ বাবে ডুৰাণ্ড কাপত খেলাটো এক নতুন অভিজ্ঞতা হ’ব৷ ইফালে, কাইলৈ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচ৷

মহমেদান স্পৰ্টিং ক্লাব যোৱা আই লীগ ছিজনৰ চেম্পিয়ন৷ আই এছ এললৈ উত্তৰণ কৰা দলে ডুৰাণ্ড কাপৰ জড়িয়তে প্ৰত্যাশিত আৰম্ভনি কৰিব বিচাৰিছে৷ বিপৰীতে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত ইণ্টাৰ কাশী এফ চিয়ে খেলিব৷ এইবাৰ ডুৰাণ্ড কাপৰ খেল কলকাতাৰ লগতে অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত হ’ব৷

কলকাতাত তিনিটা গ্ৰুপৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰে এটাকৈ গ্ৰুপ মেচ আয়োজন কৰিব৷ উল্লেখ্য যে জামছেদপুৰৰ দৰে¸ শ্বিলঙেও প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ আনহাতে, কোকৰাঝাৰত ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে তথা অসমত তৃতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷

প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হ’ব৷