নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ, ২০২৬ : ষ্টেচন আৰু টাৰ্মিনেলসমূহত পাৰ্চেল ব্যৱস্থাপনা অধিক সুসংগঠিত আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক পাৰ্চেল কেজ (Parcel Cage) স্থাপনৰ কাম আৰম্ভ কৰিছে আৰু এই ব্যৱস্থাই যাত্ৰী আৰু ৰে’ল ব্যৱহাৰকাৰীসকলৰ বাবে অতিৰিক্ত সুৰক্ষিত ব্যৱস্থা নিশ্চিত কৰিব। এই উদ্দেশ্যে কিষানগঞ্জ, নিউ জলপাইগুড়ী, শিলিগুড়ী, হলদিবাৰী, মালদা কোৰ্ট, বালুৰঘাট আৰু কাটিহাৰ ষ্টেচনত এই সুবিধা স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

বৰ্তমান নিউ জলপাইগুড়ী, কাটিহাৰ, মালদা কোৰ্ট আৰু বালুৰঘাটত পাৰ্চেল কেজ স্থাপনৰ কাম চলি আছে। বাকী তিনিটা ষ্টেচনত শীঘ্ৰেই স্থাপনৰ কাম আৰম্ভ কৰা হ’ব। পাৰ্চেল আৰু লাগেজৰ বাবে প্ৰস্তুত কৰা নিৰ্ধাৰিত সংৰক্ষণ ব্যৱস্থা উপলব্ধ কৰাৰ বাবে নিৰ্মাণ কৰা এই সুবিধাসমূহে ষ্টেচনসমূহত সামগ্ৰী পৰিবহণৰ দিশত অধিক শৃংখলাবদ্ধতা, সুৰক্ষা আৰু দক্ষতা নিশ্চিত কৰিব। এই সুবিধাসমূহে পাৰ্চেল আৰু লাগেজ সাময়িকভাৱে সংৰক্ষণ কৰাৰ বাবে স্থান উপলব্ধ কৰিব যাৰ জৰিয়তে পৰিচালন অথবা প্ৰেৰণৰ বাবে অপেক্ষা কৰি থকা সময়ছোৱাত উক্ত কনচাইনমেন্ট অধিক সুৰক্ষিতভাৱে ৰখাত সহায় কৰিব।

এবাৰ সম্পূৰ্ণ হৈ উঠাৰ পিছত এই পাৰ্চেল কেজসমূহে পাৰ্চেল আৰু লাগেজৰ সাময়িক সংৰক্ষণ আৰু পৰিচালনৰ বাবে স্পষ্টভাৱে নিৰ্ধাৰিত স্থান সৃষ্টি কৰিব। ইয়াৰ ফলত এই গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰে’লৱে কৰ্মচাৰীসকলে অধিক সুসংগঠিতভাৱে পাৰ্চেল ব্যৱস্থাপনা কৰিবলৈ সক্ষম হব। উন্নত ব্যৱস্থাপনাই ষ্টেচনৰ স্থানৰ অধিক ফলপ্ৰসূ ব্যৱহাৰ আৰু পাৰ্চেল পৰিচালন অধিক সুচল কৰাতো সহায় কৰিব।
পাৰ্চেল ব্যৱস্থাপনাৰ সুৰক্ষা আৰু শৃংখলা অধিক শক্তিশালী কৰাৰ ফলত পাৰ্চেলৰ কনচাইনমেন্ট ভুল ঠাইত ৰখা, ক্ষতিগ্ৰস্ত হোৱা অথবা চুৰি হোৱাৰ আশংকা হ্ৰাস পাব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে ৰে’লৱেৰ পাৰ্চেল সেৱাৰ প্ৰতি গ্ৰাহকৰ আস্থা বৃদ্ধি হোৱাৰ লগতে যাত্ৰীসকলে অধিক নিৰ্ভৰযোগ্য তথা সুবিধাজনক সেৱা লাভ কৰিব পাৰিব।