গুৱাহাটী, ২৫ ছেপ্টেম্বৰ, ২০২৬ : ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। বৃহস্পতিবাৰে দলটোৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি তেওঁক পদৰ পৰা অপসাৰণ কৰাৰ দাবী জনায়। একে সময়তে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ লগতে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপো বিচাৰে দলটোৱে।
সংবাদমেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অভিযোগ কৰে যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰপেক্ষ সাংবিধানিক প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে কাম কৰাৰ পৰিৱৰ্তে বিজেপিৰ মুখপাত্ৰৰ দৰে ভূমিকা পালন কৰিছে। তেওঁৰ দাবী, নিৰ্বাচন আয়োগৰ শেহতীয়া কাম-কাজ আৰু সিদ্ধান্ত গ্ৰহণৰ পদ্ধতিক লৈ দেশজুৰি প্ৰশ্ন উত্থাপন হৈছে। জগদীশ ভূঞাই কয়, মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ ভিতৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ মতামতক যথোচিত গুৰুত্ব দিয়া হোৱা নাছিল। তেওঁৰ অভিযোগ অনুসৰি, একাধিক গুৰুত্বপূৰ্ণ বিষয়ত এককভাৱে সিদ্ধান্ত গ্ৰহণৰ ফলত নিৰ্বাচন আয়োগৰ সামূহিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু স্বতন্ত্ৰতাক লৈ সন্দেহৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত প্ৰতিবেদনৰ প্ৰসংগ উত্থাপন কৰি অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্ৰতিবেদনটোত নিৰ্বাচন আয়োগৰ কাম-কাজ সম্পৰ্কে প্ৰকাশ পোৱা তথ্যই ইতিমধ্যে উত্থাপিত হৈ থকা বহু প্ৰশ্নক অধিক গুৰুতৰ কৰি তুলিছে। তেওঁ কয় যে বিষয়টো এতিয়া ৰাজনৈতিক অভিযোগ-প্ৰতি অভিযোগৰ মাজতে সীমাবদ্ধ নাৰাখি এক নিৰপেক্ষ তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন আছে। জগদীশ ভূঞাৰ মতে, নিৰ্বাচন আয়োগৰ ওপৰত জনসাধাৰণৰ আস্থা গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম মূল ভেটি। সেয়েহে আয়োগৰ সিদ্ধান্ত আৰু কাম-কাজক লৈ যদি প্ৰশ্ন উত্থাপন হয়, তেন্তে সেই প্ৰশ্নৰ স্বচ্ছ আৰু তথ্যভিত্তিক উত্তৰ দিয়াৰ দায়িত্ব আয়োগৰ। তেওঁ কয় যে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ উচিত তদন্ত নোহোৱাকৈ বিষয়টো উপেক্ষা কৰিলে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাৰ ওপৰত অধিক প্ৰশ্ন উত্থাপন হ’ব পাৰে।
অজাপৰ দাবী, জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা অপসাৰণ কৰি তেওঁৰ কাৰ্যকাল আৰু সিদ্ধান্তসমূহৰ বিষয়ে তদন্ত কৰা হওক। লগতে পূৰ্বৰ বিধি অনুসৰি গণতান্ত্ৰিক আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে নতুন নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দলটোৱে। সংবাদমেলত বিগত নিৰ্বাচনসমূহৰ ফলাফলৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন তোলে অসম জাতীয় পৰিষদে। বিশেষকৈ অসমৰ বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰসংগ উত্থাপন কৰি জগদীশ ভূঞাই কয় যে সেই ফলাফলক লৈ জনসাধাৰণৰ মাজত বিভিন্ন সময়ত সন্দেহ আৰু প্ৰশ্ন উত্থাপন হৈছিল। ভূঞাৰ অভিযোগ, বিগত নিৰ্বাচনী ফলাফল জনতাৰ স্বতঃস্ফূৰ্ত ৰায় নাছিল, সেয়া ইভিএম আৰু নিৰ্বাচনী আয়োগৰ ৰায় আছিল, ষড়যন্ত্ৰমূলক ৰায় আছিল আৰু বিজেপিৰ পক্ষত দিয়া ৰায় আছিল।
তেওঁ কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া, ইভিএম, ভোট গণনা আৰু ফলাফল ঘোষণাৰ ক্ষেত্ৰত জনসাধাৰণৰ মনত কোনো সন্দেহ থাকিলে নিৰ্বাচন আয়োগে সেই সন্দেহ তথ্য আৰু নথিৰে দূৰ কৰিব লাগিব। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে বিজেপিৰ ভূমিকাক লৈও সৰৱ হয় অসম জাতীয় পৰিষদ। জগদীশ ভূঞাই অভিযোগ কৰে যে বিজেপিয়ে জ্ঞানেশ কুমাৰৰ পক্ষত মুখপাত্ৰৰ দৰে বক্তব্য আগবঢ়াই আহিছে। বিজেপিৰ মুখপাত্ৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ নেকি বুলিও ভূঞাই প্রশ্ন কৰে।
ভূঞাৰ মতে, নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক আৰু স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ সময়ত বিষয়টো ৰাজনৈতিক প্ৰতিৰক্ষাৰ পৰিৱৰ্তে স্বচ্ছ তদন্তৰ জৰিয়তে স্পষ্ট কৰা উচিত। সমগ্ৰ বিষয়টোক গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰিছে। দলটোৰ দাবী— মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ উচিত তদন্ত কৰা, অভিযোগসমূহৰ সত্যতা নিৰ্ধাৰণ কৰা আৰু প্ৰয়োজন অনুসৰি সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হওক।
জগদীশ ভূঞাই কয় যে নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা অটুট ৰখাৰ স্বাৰ্থত সমগ্ৰ বিষয়টো স্বচ্ছভাৱে পৰীক্ষা কৰা প্ৰয়োজন। তেওঁৰ মতে, নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতাক লৈ কোনো সন্দেহৰ অৱকাশ নথকাটো গণতন্ত্ৰৰ স্বাৰ্থত অত্যন্ত জৰুৰী। সংবাদমেলত অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন,গিৰীণ তালুকদাৰ, অমৃত খাটনীয়াৰ আৰু যুটীয়া সম্পাদক কুংকী চৌধুৰী উপস্থিত থাকে।
