নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ, ২০২৪ : অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ (Indian Super Leauge) ২০২৪-২৫ ছিজন৷ একাদশ বৰ্ষত পদাৰ্পন কৰা ভাৰতীয় ফুটবলৰ গ্লেমাৰ লীগখনৰ বাবে সাজু হৈছে প্ৰতিটো দল৷ আজি কলকাতাত হোৱা আই এছ এলৰ মিডিয়া ডে’ত অংশ লৈ আসন্ন লীগৰ বাবে নিজৰ প্ৰস্তুতিৰ বিষয়ে অবগত কৰে বিগত বৰ্ষৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্ট, ইষ্ট বেংগল এফ চি, উৰিষ্যা এফ চি, জামছেদপুৰ এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, পঞ্জাৱ এফ চি আৰু প্ৰথমবাৰৰ বাবে লীগত খেলিব লগা মহমেদান এফ চিয়ে৷

সংবাদমেলত মোহন বাগানৰ জোছ মলিনা আৰু পঞ্জাব এফ চিৰ পানাজিঅ’টিছ ডিলম্পেৰিছে প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে অংশ লৈ নিজৰ প্ৰস্তুতি ব্যক্ত কৰাৰ বিপৰীতে চাৰ্জিঅ’ লোবেৰা, খালিদ জামিল, জুয়ান পেড্ৰ’ বেনালি, কাৰ্লেছ কুয়াড্ৰাটে নতুন ছিজনত দলক তৈয়াৰ কৰাৰ বিষয়ে অৱগত কৰে৷ আই লীগৰ চেম্পিয়ন হোৱা সূত্ৰে প্ৰথমবাৰৰ বাবে আই এছ এলত খেলিব লগা মহমেদানৰ মুখ্য প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভে লীগত যোগদান কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে দলৰ অধিনায়ক ছামাদ আলী মালিকে প্লে অফৰ বাবে প্ৰত্যাহ৩ান জনোৱাৰ উচ্ছাকাংক্ষাক আলোকপাত কৰে৷

‘আই এছ এল পৰিয়ালৰ অংশ হ’বলৈ পাই আনন্দিত৷ আমি যোৱা বছৰ আই-লীগ জয় কৰি এই গৌৰৱ লাভ কৰিছো৷ আমাৰ সমৰ্থকসকলক লৈ মই ৰোমাঞ্চিত হৈছো৷ বহু বছৰ ধৰি তেওঁলোকে আই এছ এলত খেলাৰ আশা কৰি আছিল৷’ চেৰ্নিশ্বভে কয় মোহন বাগান আৰু ইষ্ট বেংগলো আত্মবিশ্বাসী। ইফালে, আই এছ এলৰ নতুন ছিজনত প্ৰতাশিত অভিযানৰ বাবে সাজু হৈছে কলকাতাৰ আন দুটা শক্তিশালী দল মোহন বাগান আৰু ইষ্ট বেংগল৷ ডিফেণ্ডিং চেম্পিয়ন দলৰ প্ৰশিক্ষক মলিনাই কয় ‘আই এছ এলৰ বাবে দলটোক প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল৷ আমি একেলগে থাকি প্ৰস্তুতি কৰাৰ এমাহ হ’ল৷ অৱশ্যে এতিয়াও কেইটামান দিশত অধিক উন্নতি কৰিবলগীয়া আছে৷ আমাৰ খেলুৱৈয়ে এতিয়ালৈকে আমি যি ধৰণে প্ৰশিক্ষণ লৈছে তাৰ ওপৰত আমি আত্মবিশ্বাসী৷’

ইফালে, ইষ্ট বেংগলৰ কৌশলী কুয়াড্ৰাটে যোৱা বছৰৰ মন্থৰ আৰম্ভণিৰ পৰা শিক্ষা লৈ এইবাৰৰ ছিজন আক্ৰমনাত্মক খেলেৰে কৰাৰ কথা ব্যক্ত কৰে৷ ‘নতুন-পুৰনি খেলুৱৈৰ সৈতে এইটো এটা বেলেগ ছিজন আৰু সেয়েহে মই যোৱা অভিযানৰ সৈতে তুলনা কৰিব নিবিচাৰো৷ কাৰণ প্ৰতিটো দলৰ পৰিস্থিতি যোৱাবাৰৰ দৰে বেলেগ৷ আমাৰ লগত সম্পূৰ্ণ দলটো আছে আৰু আমি প্ৰথম খেলখনৰ পৰাই প্ৰতিযোগিতামূলক হ’ব লাগিব৷’ কুৱাড্ৰাটে কয়৷ উৰিষ্যা এফ চিৰ লক্ষ্য আই এছ এল খিতাপ। ইফালে, যোৱা ছিজনত চতুৰ্থ স্থান দখল কৰা উৰিষ্যা এফ চিয়ে এইবাৰ খিতাপ জয়ৰ লক্ষ্যৰে সাজু হৈছে৷ ‘ভাৰতীয় ফুটবলত মোৰ ছবছৰ হ’ল৷ যোৱা বছৰ আমাৰ এটা সুন্দৰ ছিজন আছিল৷ আমি এ এফ চি কাপত গ্ৰুপৰ শীৰ্ষত অন্ত পেলাইছিলো৷ আমি ছুপাৰ কাপ জয়ৰ ওচৰ চাপিছিলো আৰু ক্লাবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আই এছ এলৰ ছেমিফাইনেল খেলিছিলো৷ এয়া এক আচৰিত প্ৰদৰ্শন আৰু আমি এই বছৰো সেই ধাৰাবাহিকতাৰ অনুৰূপ প্ৰতিলিপি কৰি অনুৰাগীক আনন্দ দিব বিছাকো৷’ দলৰ মুখ্য প্ৰশিক্ষক লোবেৰাই কয়৷

প্লে অফত স্থানৰ বাবে প্ৰত্যাহ্বান তিনিটা দলৰ যোৱাবছৰ আই এছ এলত অভিষেক কৰা পঞ্জাৱ এফ চিৰ লগতে নৰ্থইষ্ট ইউনাইটেড আৰু জামছেদপুৰ এফ চিয়ে অংকৰ খেলত প্লে-অফৰ দৌৰৰ পৰা অন্তিম মূহুৰ্তত আঁতৰি আহিছিল৷ সেয়ে এইবাৰ তিনিওটা দলে প্ৰথমে সেই লক্ষ্য অতিক্ৰম কৰিব বিচাৰে৷ ডুৰাণ্ড কাপৰ খিতাপ লাভেৰে প্ৰথমটো ট্ৰফী জয় কৰা নৰ্থ ইষ্ট ইউনাইটেড নতুন ছিজনৰ বাবে আত্মবিশ্বাসী৷ ‘আমি এতিয়া উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছো যে আমি ডুৰাণ্ড কাপত কেনেধৰণৰ সফলতা পাইছিলো৷ কিন্তু সেয়া অতিত এতিয়া আমি আই এছ এলৰ বাবে নতুন কাহিনী খিলিবলৈ অপেক্ষা কৰি আছো৷ অতীতৰ ট্ৰফীয়ে দলক ভাল খেলিবলৈ বাধ্য নকৰে৷ শেষৰ খেলখন যে ভাল আছিল সেয়াহে প্ৰতিফলিত কৰে৷’ গুৱাহাটীৰ আই এছ এল দলটোৰ মুখ্য প্ৰশিক্ষক বেনালীয়ে ব্যক্ত কৰে৷

ইফালে, জামছেদপুৰ এফ চিৰ খালিদ জামিলে আই এছ এলক নতুন নিয়ম অনাৰ বাবে প্ৰশংসা কৰে, যেনে কনকাচন বিকল্পৰ প্ৰৱৰ্তন, দলত ভাৰতীয় সহকাৰী প্ৰশিক্ষক নিযুক্তি বাধ্যতামূলক কৰা আদি৷ হায়দৰাবাদ এফ চিৰ থাংবৈ চিণ্টোৰ সৈতে আই এছ এল দ্বিতীয়জন ভাৰতীয় মুখ্য প্ৰশিক্ষক জামিলে কয় ‘আই এছ এলৰ নতুন নিয়মে ভাৰতীয় ফুটবলৰ বিকাশত সহায় কৰিব৷ আমি ইয়াক বিতংভাৱে অধ্যয়ন কৰিম আৰু জানিব চেষ্টা কেনেদৰে লাভৱান হোৱাত সহায় কৰিব পাৰে৷’ ইফালে, পঞ্জাব এফ চিৰ নতুন গ্ৰীক প্ৰশিক্ষক ডিলম্পেৰিছে দলৰ নতুন খেলুৱৈক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে অধিনায়ক লুকা মেজেচেনে ইতিবাচক আৰম্ভণিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ‘আমি যিসকল খেলুৱৈ নতুনকৈ লাভ কৰিছো, তেওঁলোকৰ সৈতে ময়ো সঁচাকৈয়ে ভাগ্যৱান৷ এতিয়া আমাৰ লক্ষ্য হৈছে যোৱা বছৰৰ তুলনাত অধিক উন্নত সফলতা লাভ কৰা৷’ ডিম্পেৰিছে কয়৷

উল্লেখ্য যে কাইলৈ কোচিত অনুষ্ঠিত হ’বলগা মিডিয়া ডে’ত মুম্বাই চিটি এফ চি, এফ চি গোৱা, চেন্নায়াইন এফ চি, বেংগালুৰু এফ চি, হায়দৰাবাদ এফ চি, আৰু কেৰেলা ব্লাষ্টাৰ্ছ এফ চিৰ প্ৰশিক্ষক-খেলুৱৈয়ে অংশ লৈ নিজৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰিব৷ এইবাৰ আই এছ এলৰ সকলো মেচ জিঅ’ চিনেমা আৰু স্পৰ্টছ ১৮ ত পোনপটীয়াকৈ সম্প্ৰচাৰ হ’ব৷