গুৱাহাটী, সংবাদ ৩৬৫, ২৩ আগষ্ট : জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৰাজ্যখনৰ লাডাখ আৰু জম্মু অঞ্চলৰ পৰিস্হিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । শ্ৰীনগৰ উপত্যকাৰো পৰিস্থিতিৰ উন্নতি হৈছে বুলি মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক টিটো গঞ্জুৰে ।

শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সাংবাদিক সকলৰে সৈতে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত জম্মুৰ পৰা অংশগ্ৰহণ কৰি গঞ্জুৱে স্পষ্ট ভাবে কয় এই সিদ্ধান্ত সঠিক আৰু নিৰ্ণায়ক। এক অস্হায়ী ব্যৱস্থাপনা(অনুচ্ছেদ ৩৭০)ক বিশেষ অধিকাৰ বুলি প্ৰতীয়মান নিয়াৰ অনাহক বিৰ্তকৰ অৱসানে ৰাজ্য খনৰ ভৱিষ্যত নতুন প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও তেওঁ দোহাৰে।

জম্মুৰ লগতে শ্ৰীনগৰৰ পৰা সকলো বাতৰি কাকত নিয়মীয়াকৈ প্ৰকাশ পাই আছে বুলি উল্লেখ কৰি গঞ্জুৱে অৱশ্যে তাত ইন্টাৰনেট সেৱা কিছু লেহেমীয়া হৈ থকা বুলি তেওঁ মানি লয়। তাৰমাজতে জম্মুৰ পৰা ভিডিও কনফাৰেন্স যোগে তেওঁ গুৱাহাটীৰ সাংবাদিকৰ লগত বাধাহীন ভাবে কথা পাতিবলৈ পাই অত্যন্ত সুখী বুলি তেওঁ প্ৰকাশ কৰে।

কাশ্মীৰ সম্পৰ্কত কোনো বিতৰ্কৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি গঞ্জুৱে দাবী কৰে যে জম্মু কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ লগত চামিল হবলৈ লোৱাৰ সিদ্ধান্তৰ পিছতেই সমগ্ৰ কাশ্মীৰৰ ভাৰতৰ অভিন্ন অংগ হৈ পৰে। তাত সমস্যাৰ সৃষ্টি কৰে কেৱল পাকিস্তানে চৰকাৰহে । এই সমস্যাৰ আশুসমাধানৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে বুলিও তেওঁ দৃঢ়তাৰে কয়। কাশ্মীৰৰ সমাজ সংস্কৃতিৰ এক অনন্য দলিল কলহনৰ ৰাজতৰঙ্গিনী ৰ কথা উল্লেখ কৰি গঞ্জুৱে ভাৰতীয় সমাজ সংস্কৃতিৰ লগত কাশ্মীৰৰ হাজাৰ বছৰীয়া সান্নিধ্যক সোঁৱৰে।উল্লেখযোগ্য যে ৰাজতৰঙ্গিনীৰ এক গুৰুত্বপূৰ্ণ চৰিত হল অসম জীয়ৰী অমৃতপ্ৰভা পিছলৈ কাশ্মীৰৰ এগৰাকী জনপ্রিয় ৰাণী ৰূপেও প্ৰতিষ্ঠিত হৈছিল।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এপিলক আলোচনীৰ সম্পাদক কাশ্মীৰৰ পণ্ডিত সকলৰ প্ৰত্যাগমন সহজসাধ্য নহব বুলি উল্লেখ কৰে যদিও পৰিৱৰ্তিত পৰিস্থিতিত সেয়া বাস্তবায়িত সম্ভাৱনীয়তা তেওঁ নুই নকৰে। তদুপৰি কাশ্মীৰি জাতীয়তাবাদৰ নামত এচামে ধৰ্মীয় মৌলবাদক প্ৰশ্ৰয় দি অহা বুলিও তেওঁ দাবী কৰে।

আন এক প্ৰশ্নৰ উত্তৰত পাকিস্তান অধিকৃত কাশ্মীৰৰ কথা উল্লেখ কৰি তেওঁ সেয়া আটাইতকৈ অনুন্নত অঞ্চল বুলি অভিহিত কৰে। তাত সন্ত্ৰাসবাদী ঘাটি আৰু পাকিস্তানী সেনা শিবিৰক বাদী একোৱে নাই বুলি গঞ্জুৱে মত প্ৰকাশ কৰে। তদুপৰি প্ৰাকঅধিকৃত কাশ্মীৰৰ বাসিন্দা সকলে শেহতীয়াকৈ ইছলামাবাদৰ বিৰুদ্ধে থিয় হোৱা ঘটনাও ঘটা বুলি তেওঁ দোহাৰে ।