গুৱাহাটী, সংবাদ ৩৬৫, ২৩ আগষ্ট : দেশমাতৃৰ হকে দিনে-ৰাতিয়ে, ৰ’দে-বৰষুণে সদায় অতন্দ্ৰ পহৰি হৈ ভাৰতীয় সীমাত নিয়োজিত হৈ থকা ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন সৈনিক সকলৰ পেঞ্চনৰ সুবিধাৰ্থে শুকুৰবাৰৰ পৰা মহানগৰৰ ৰাণী স্থিত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ শিবিৰত আয়োজন কৰা হয় ‘পেঞ্চন আদালত’ ।

এই পেঞ্চন আদালতত যি সকল প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ সৈনিকে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে সেই সকল সৈনিকৰ পেঞ্চন মোকোলাই দিবলৈ এই পেঞ্চন আদালতৰ জৰিয়তে সুবিধা কৰি দিয়া হব । এই পেঞ্চন আদালতত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ২১০ জন প্ৰাক্তন সৈনিক তথা পৰিয়ালৰ লোক আহি পেঞ্চনৰ কাম নিয়াৰিকৈ কৰে ।

শুকুৰবাৰৰ এই পেঞ্চন আদালতৰ শিবিৰ মুকলি কৰে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ ইন্সপেক্টৰ জেনেৰেল পিউছ মাৰদিয়াই । এই পেঞ্চন আদালত শিবিৰৰ জৰিয়তে আজি বহু বছৰৰ পৰা বিভিন্ন নথি পত্ৰ অসুবিধাৰ ফলত পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা সৈনিক সকল উপকৃত হব বুলি সাংবাদিকক জানিবলৈ দিয়ে ইন্সপেক্টৰ জেনেৰেল জনে ।

আনহাতে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এনে পদক্ষেপৰ ফলত উপকৃত হব বুলি জানিবলৈ দিয়ে প্ৰাক্তন সৈনিক সকলে ।