সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী: পুলৱামাৰ ভয়ংকৰ ঘটনাৰ পাছতে কঠোৰ হৈছে চৰকাৰ।

জম্মু-কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪৪ জন জোৱান শ্বহীদ হোৱাৰ পাছতেই জে কে এল এফৰ প্ৰধান য়াছিন মালিকক গ্ৰেপ্তাৰ কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে । শ্ৰীনগৰৰ মৈছুমাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি য়াছিন মালিকক সম্প্ৰতি ৰখা হৈছে কাশ্মীৰৰ ক’থিবাগ থানাত।

উল্লেখযোগ্য যে শুকুৰবাৰে আটক কৰিছিল বিচ্ছিন্নতাবাদী নেতাজনক। সোমবাৰে সংবিধানৰ 35-A অনুচ্ছেদক লৈ হ’ব শুনানি। উচ্চতম ন্যায়ালয়ত হ’ব গোচৰটোৰ শুনানি।

আনহাতে ৬ জন বিচ্ছিন্নতাবাদী নেতাৰ সুৰক্ষা বাতিল কৰে চৰকাৰে । বাতিল কৰা হৈছে বিচ্ছিন্নতাবাদী নেতাৰ চৰকাৰী সুবিধাসমূহো। পুলৱামাৰ ভয়ংকৰ ঘটনাৰ পাছতেই চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে।