ডিগবৈ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ডিগবৈ সমষ্টিৰ অন্তৰ্গত টিংৰাই ৰাজহুৱা মঞ্চত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।এই সভাত কেইবাগৰাকীও কংগ্ৰেছ আৰু অগপ দলৰ ৱাৰ্ড সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

কংগ্ৰেছ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, তিনিচুকীয়া জিলা সেৱা বৰ্ডৰ সভাপতি, ডিগবৈ থানাৰ অন্তৰ্গত ৬৪ খন ভি ডি পি সমিতিৰ থানা সমিতিৰ সভাপতি অজিত বৰাৰ লগতে কংগ্ৰেছ আৰু অগপ দলৰ চামডাং, বাৰেকুৰী, পানীখোৱা আৰু বগাপানী গাঁও পঞ্চায়তৰ কেইবাগৰাকীও ৱাৰ্ড সদস্যই ভাৰতীয় জনতা পাৰ্টি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ জনকল্যাণমুখী কৰ্মৰ প্ৰতি সন্মান জনাই আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷

আনহাতে, বাৰেকুৰী পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ অগপ দলৰ ৱাৰ্ড সদস্যা গীতা মুড়া, চামডাং পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ অগপ দলৰ ৱাৰ্ড সদস্য উমেশ নায়ক, চামডাং পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ অগপ দলৰ সদস্য দীপক কিশান, পানীখোৱা ১ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য বিকাশ মাহাতোৱেও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷

ইয়াৰোপৰি এই সভাত ডিগবৈ সমষ্টিৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছা ক্ৰমে পাৱৈ, চামডাং, বগাপানী, হাপজান, বেতজান, গঙ্গাবাৰী চাহ বাগিছাৰ ৩০০ ৰো অধিক চৰ্দাৰ-চকিদাৰৰ মাজত অসম চৰকাৰৰ তৰফৰ পৰা একোটিকৈ স্মাৰ্ট ফোন প্ৰদান কৰে বিধায়ক গৰাকীয়ে।

আনহাতে উক্ত সভাৰ কাৰ্যসূচীতে বিগত বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা “মন কি বাত” ৰ অন্তিম দিনৰ কাৰ্যসুচী পালন কৰা হয় আৰু সমষ্টিৰ সকলোৱে একেলগে এই অনুষ্ঠানৰ প্ৰত্যক্ষ সাক্ষী হয় ৷