টিংখাং, ১৩ জুলাইঃ ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ চূড়ান্ত গাফিলতিত অধিকাংশ ঠাইত চৰকাৰী আঁচনিসমূহ ক্ৰমান্বয়ে জহি-খহি যাব ধৰিছে। ভূত বাংলাত পৰিণত হ’ব ধৰিছে বিভাগটোৰ প্ৰায়বোৰ পৰিত্যক্ত কাৰ্যালয়। টিংখাঙৰ চপাতলি জল উত্তোলন কেন্দ্ৰটোৰো বৰ্তমান একে দুৰৱস্থা৷ হাবিৰ মাজত জহি খহি যাব ধৰিছে চপাতলি জল উত্তোলন কেন্দ্ৰটো। ১৯৮০ চনতে সমষ্টিটোৰ তদানীন্তন বিধায়ক প্ৰয়াত ভদ্ৰেশ্বৰ গগৈৰ তৎপৰতাত স্থাপন কৰা হৈছিল এই জল উত্তোলন কেন্দ্ৰটো৷ প্ৰায় ৪০ লাখ টকাৰ ব্যয়েৰে স্থাপন কৰা এই জলসিঞ্চন আঁচনিখনে সাঙুৰি লৈছিল চপাতলিক, গেলেকি, ১নং কেচেৰুগুৰি, ২নং কেচেৰুগুৰি, আৰু ধোৱাপথাৰকে ধৰি এক বৃহৎ অঞ্চল। ১৯৮০-৮১ বৰ্ষত উক্ত জলসিঞ্চন আঁচনিৰ যোগেদি এক প্ৰকাৰৰ কৃষি বিপ্লৱৰ সূচনা হৈছিল। এই আঁচনিৰ জড়িয়তে অঞ্চলটোৰ শ-শ কৃষকে সোনোৱালী শইচৰ সপোন দেখা পাইছিল। কিন্তু মাত্ৰ এবছৰ পিছতেই বিভাগীয় কৃৰ্তপক্ষৰ অৱহেলা বাবে পৰিত্যক্ত অৱস্থাত থাকিল এই জল উত্তোলন কেন্দ্ৰটো৷ যাৰ বাবে ৫টা ট্ৰামৰ মটৰ সহ কেন্দ্ৰটোৰ সুবিশাল এখন বাজ লোহাৰ শিকলি ছিঙি ২০০০ চনত দিচাং নদীৰ বানত উটি যায়। যাৰ কাৰণে এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে এই জলসিঞ্চনৰ আঁচনিখন। আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ কাৰণে অঞ্চলটোৰ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো বিভাগটোৱে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। ৰাজ্যত পৰিৱৰ্তনৰ শ্ল’গান দি শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ তথা স্থানীয় বিধায়ক আৰু জলসিঞ্চন বিভাগক স্থানীয় লোকে অতি শীঘ্ৰে জলসিঞ্চনৰ সু-ব্যৱস্থা কৰি কৃষি প্ৰধান অঞ্চলকেইটাৰ কৃষকক সৱল কৰি তুলিবলৈ আহ্বান জনাইছে৷