হোজাই ১৩ জুলাইঃ হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গ্ৰীষ্মকালীন শিবিৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই জানিবলৈ দিয়া মতে, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁওৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা আয়োজিত সাতদিনীয়া গ্ৰীষ্মকালীন শিবিৰ প্ৰতিযোগিতাত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীয়ে নগাঁও জিলাৰ ভিতৰত প্ৰথম দুটা স্থান দখল কৰিবলৈ সক্ষম হয়৷ নীলবাগান শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী মাৰুফা বেগমে জিলাৰ শ্ৰেষ্ঠতম প্ৰতিযোগীৰ সন্মান লাভ কৰে৷ শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম মাধ্যমিক শিক্ষা আয়ুক্ত সচিব আৰচি জৈন, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগ সহ বহুকেইজন বিশিষ্ট শিক্ষাবিদ৷ উল্লেখ্য যে, বিগত বছৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা তৰ্ক আৰু যোগ প্ৰতিযোগিতাতো নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম আৰু দ্বিতীয় সন্মান লাভ কৰাৰ উপৰিও ৰাজ্যিক ভিত্তিত অনুষ্ঠিত যোগ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল৷ গ্ৰীষ্মকালীন শিবিৰত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা মাৰুফা বেগমক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীয়ে অভিনন্দন জনায়৷ বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই সদৰি কৰা মতে, অহা তিনি বছৰৰ ভিতৰত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সকলো দিশতে অসমৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত সম্পূৰ্ণ সফল হ’ব পাৰিব বুলি অধ্যক্ষ বৰভূঞাই মন্তব্য কৰে৷ বিদ্যালয় খনৰ এই সফলতাত সমগ্র নীলবাগান অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে।