জাগীৰোড : মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলা (Joonbeel Mela)। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব শনিবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ জোনবিলৰ পাৰত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল।
মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলাৰ। প্ৰতিবছৰে মাঘ বিহুৰ পিছৰ প্ৰথমটো সপ্তাহত উদযাপন কৰা এই ঐতিহাসিক মেলত এইবেলিও পৰিলক্ষিত হ’ল এক উখল মাখল পৰিৱেশ। তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই মেলাত প্ৰথমদিনা হাজাৰ হাজাৰ লোক আহি ভিৰ কৰে। পাহাৰ-ভৈয়ামৰ বিভিন্ন ধৰ্ম, ভাষা, জাতি- জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেঁতু হিচাপে চিহ্নিত জোনবিল মেলাত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিলে পাহাৰীয়া মামা-মামী সকলৰ লগত ভৈয়ামৰ লোক সকলে।
পাহাৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোক সকলে উৎপাদন কৰা পাহাৰীয়া জলকীয়া, আলু, কচু, আদা, হালধী, ধূনা, গন্ধক, লাও, আমলখি, শিলিখা, লা, গাজ, কপাহ, টেঙা আদিৰ লগত ভৈয়ামৰ লোক সকলে বিনিময় কৰিলে সান্দহ, তিলৰ পিঠা, শুকান মাছৰ লগতে বিভিন্ন সামগ্ৰী। মৰিগাঁও জিলাৰ জাগীৰোডত এই মেলা অনুষ্ঠিত হোৱাৰ সঠিক তথ্য নাই যদিও গোভা ৰজা প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা এই ঐতিহাসিক মেলা অনুষ্ঠিত হৈ আহিছে।
প্ৰতিবছৰে হাজাৰ হাজাৰ দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটক আহি এই মেলাখনত ভিৰ কৰা পৰিলক্ষিত হয়। জাগীৰোডৰ জোনবিল মেলাখনে পৰ্যটকৰ মাজত বিশেষ গুৰুত্ব লাভ কৰে মেলাখনত আজিও বৰ্তি থকা বিনিময় প্ৰথাৰ বাবে। বিনিময় প্ৰথা চলি থকাৰ মাজতে হাজাৰ হাজাৰ লোক মৎস্য চিকাৰৰ বাবে নামি পৰে জোনবিলৰ বুকুত।