যোৰাবাট, ৪ জুলাইঃ যোৰাবাটৰ শংকৰদেৱ নগৰত ভূমিস্খলন কথমপি প্ৰাণৰক্ষা পৰে ৫ জনকৈ লোকৰ৷ নেৰানেপেৰা বৰষুণৰ ফলত যোৰাবাটৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ দৰে ঘটনা বৃদ্ধি পাব ধৰিছে৷ ভূমিস্খলনৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা আটাইকেইজন শ্ৰমিক। পাহাৰৰ ৰঙা মাটি খহি ঘৰৰ মূধচত পৰে যদিও কথমপি ৰক্ষা পৰে ৫ জন শ্ৰমিকৰ৷ উল্লেখ্য যে, যোৱাকালি মহানগৰীৰ নাৰেংগী পানীখাইটিত ভয়ংকৰ ভূমিস্খলনত উত্তৰ পূৱ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দীপিকা বৰ্মন নিহত হোৱাৰ লগতে যোৰাবাটত সংঘটিত আন এক ভূমিস্খলন কেবাটাও বাসগৃহ বিধ্বস্ত হয়।