কলগাছিয়া, ৪ জুলাইঃ কলগাছিয়াৰ ছিকাটাৰীৰ প্ৰেমিক আব্দুল ৰোছে বঙাইগাঁৱৰ ডুমুৰীয়াৰ প্ৰেমিকা সাহানাচ পাৰবিনক পলুৱাই আনি ঘৰত থৈ নিজেই পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰেমিক আব্দুল ৰোছে বিয়াৰ প্ৰলোভনেৰে বিগত এবছৰ ধৰি প্ৰেমিকা সাহানাচ পাৰবিনক যৌন নিৰ্যাতন চলাই আহিছিল৷ আব্দুলে ২ জুলাইৰ বিয়লি সাহানাচ পাৰবিনক বিয়াৰ কথা কৈ পলুৱাই আনি ঘৰত থৈ নিজেই পলায়ন কৰে৷ সাহানাচৰ পৰিয়ালে ঘটনাৰ তথ্য লাভ কৰি লেংটিচিঙা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আব্দুলে সাহানাচক পলোৱাই অনাৰ পিছত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ আনহাতে প্ৰেমিক আব্দুলে বিয়া নাপাতিলে আত্মহত্যা কৰাৰ ভাবুকি দিছে প্ৰেমিকা সাহানাচ পাৰবিনে।