যোৰাবাট, ২৪ নৱেম্বৰঃ  ৰাজ্যত বিভিন্ন সময়ত চাইল্ড লাইনে শিশু শ্ৰমিক উদ্ধাৰ কৰা ঘটনা দেখিবলৈ পোৱা যায় যদিও নিজৰ আৰু পৰিয়ালৰ পোহপালৰ বাবে এতিয়াও বহু শিশু বিভিন্ন ঠাইত শ্ৰমিকৰ জীৱন হিচাপে যাপন কৰিবলৈ বাধ্য হৈ আছে। দৰিদ্ৰতা বাবে দেশৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ কান্ধত তুলি লৈছে পৰিয়াল পোহপালৰ বোঝা। শিশু শ্ৰমিক নিয়োজিত কৰাটো আইনগত ভাবে দণ্ডনীয় বুলি জানিও কিছুমান আশাধু লোকে আজিও শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰি আছে। শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ লগতে বিভিন্ন সময়ত শিশুৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতনা কৰাৰ ঘটনাও দেখিবলৈ পোৱা যায়। বহু সময়ত এই নির্যাতনা অথবা কামৰ বোঝাৰ ভৰ সহিব নোৱাৰি বহু শিশুৰ মৃত্যুৰ বাতৰিও সংবাদ মাধ্যমত পোৱা যায়। ঠিক তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ যোৰাবাটত। যোৰবাটৰ ১২ মাইলস্থিত প্ৰাইড ৰাইছ মিলত কামৰ বোঝা ভৰ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি ললে এজন ১৪ বছৰীয়া কিশোৰে। জানিব পৰা মতে মিলখনত শিশু শ্ৰমিক হিচাপে কৰ্মৰত তাহেৰ আলী নামৰ কিশোৰ জনে বহু ওপৰৰ পৰা চাউলৰ বস্তা পিঠিত লৈ তললৈ নামি আহোঁতে চাউলৰ দমৰ মাজত পৰি মৃত্যুৰ মুখত পৰে। এই কৰুণ ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃত কিশোৰ জনক চাউলৰ দমৰ মাজৰ পৰা উলিয়াই আনি মৰণোত্ত পৰীক্ষাৰ বাবে পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইফালে মিলটোৰ ফালৰ পৰা ১৪ বছৰীয়া তাহেৰ আলীৰ বয়স পুলিচ ৰেপৰ্টত ২০ বছৰ বুলি সন্নিবিষ্ট কৰা হয়। যোৰাবাটৰ চৰকাৰী গাঁওবুঢ়াই অভিযোৰ কৰে যে মিলখন দীৰ্ঘদিন ধৰি অনুমতি বিহীন ভাবে চলি আছে। চৰকাৰী গাওঁবুঢ়া জনে আৰু অভিযোগ কৰে যে স্থানীয় গাওঁবুঢ়া জনে ধনৰ বিনিময়ত অবৈধভাৱে মিলখন স্থাপনৰ অনুমতি প্ৰদান কৰিছিল।