তিতাবৰ, ১৫ ছেপ্টেম্বৰঃ যোৰহাটৰ বহু চৰ্চিত আনটাইড ফাণ্ডৰ ৫০কোটি টকা কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত তিতাবৰত যৌথ সংগ্ৰামী মঞ্চই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে। যোৰহাট নগৰৰ উন্নয়নৰ বাবে আৱন্টিত ২০০ কোটি টকা আৰু আনটাইড ফাণ্ডৰ ৫০ কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত যোৰহাটৰ প্ৰাক্তন উপায়ুক্ত বসন্ত বিশাল সৌলাংকীৰ লগতে অন্যান্য ব্যক্তিসকলক শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি যৌথ সংগ্ৰামী মঞ্চই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ যৌথ সংগ্ৰামী মঞ্চই প্ৰাক্তন উপায়ুক্ত বসন্ত বিশাল সৌলাংকীৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ পৰিবৰ্তে বৰ্তমানেও সচিব পদতে অধিষ্ট ৰখাত তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ মঞ্চই চৰকাৰক উক্ত কেলেংকাৰীৰ উচিত তদন্ত কৰি সৌলাংকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়৷ লগতে চৰকাৰে শীঘ্ৰে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিহিত পদক্ষেপ গ্ৰহণ নকৰিলে যৌথ সংগ্ৰামী মঞ্চই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ যৌথ সংগ্ৰামী মঞ্চই ইয়াৰ বিৰুদ্ধে অহা ২০ অক্টোবৰত যোৰহাট জিলা বন্ধ কাৰ্য্যসূচী ৰূপায়নৰ ঘোষণা কৰে৷