আজাৰা, ১৫ ছেপ্টেম্বৰঃ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যপাল বনোৱাৰিলাল পুৰোহিতে আজাৰাৰ ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্বচ্ছতাই সেৱা অভিযান মুকলি কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা স্বচ্ছতাই সেৱা শীৰ্ষক অভিযানৰ সফল ৰূপায়নৰ কাৰণে আজাৰাৰ পৰা মুকলি কৰা এই অভিযানত ৰাজ্যপাল বনোৱৰিলাল পুৰহিত, খাদ্যমন্ত্ৰী ৰিহন দৈমাৰী, চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া, কামৰূপ জিলা উপায়ুক্তৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তিৰ উপৰি বহু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে। মন্ত্ৰী ৰিহণ দৈমাৰীয়ে সকলোকে শপত বাক্য পাঠ কৰোৱাই স্বচ্ছতাই সেৱা অভিযানৰ অধীনত সকলোকে ২অক্টোবৰৰ পূৰ্বে বাট-পথ, ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত স্বচ্ছতাৰ বিষয়ক ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ৰচনা প্ৰতিযোগীতাও অনুষ্ঠিত হয়। লগতে ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচাগাৰৰ আঁচনি মুকলি কৰা হয়৷