গুৱাহাটী : বিটিআৰৰ চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে। কৰ্তব্যৰত সাংবাদিকক কৰা এনে বৰ্বৰ অত্যাচাৰক গৰিহণা দিয়াৰ লগতে দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীৰ এনে বৰ্বৰ অত্যাচাৰ চৰম গৰিহণাৰ বিষয় বুলিও কয় জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে। ঘটনাৰ বিৱৰণি অনুসৰি বাসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু এল আৰ বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিকজনে আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন কৰি এই দৃশ্য ভিডিঅ’ কৰাৰ বাবে আৰক্ষী জোৱানে সাংবাদিকজনক গালি গালাজ পৰাৰ লগতে দিন দুপৰতে বাসুগাঁৱৰ ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰে।

আনকি আৰক্ষীয়ে আইন হাতত তুলি লৈ সাংবাদিকজনক ভৰিৰে লঠিওৱা দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে। দেহৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত জয়ন্ত দেৱনাথৰ চিকিৎসকে শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত অৱস্থা গুৰুত্বৰ হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আসাম নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়।
ইফালে ঘটনাটিক কেন্দ্ৰ কৰি সাংবাদিকৰ উপৰি অঞ্চলবাসী ৰাইজ জাঙুৰ খাই উঠে। থানাৰ সম্মুখতে সাংবাদিক আৰু স্থানীয় ৰাইজে দোষী আৰক্ষীক শান্তি দিয়ক, অসম আৰক্ষী হায় হায়, অসম আৰক্ষী গো বেক, আৰক্ষীৰ দাদাগিৰি নচলিব ইত্যাদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

অৱশেষত চিৰাং জিলাৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা উপস্থিত হৈ সাংবাদিক জয়ন্ত দেৱনাথৰ এজাহাৰৰ ভিত্তিত আৰু চিৰাং জিলাৰ সাংবাদিক সকলৰ দাবীৰ ভিত্তিত মাৰপিটত জড়িত থকা আৰক্ষী দুগৰাকীক ৰিজাৰ্ভ ক্লজ কৰিছে। আৰক্ষীৰ দ্বাৰা সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক ৰাজ্যৰ সংবাদকর্মী সকলৰ লগতে বিভিন্ন দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছে। সংকবাদি জয়ন্ত দেৱনাথক আক্ৰমণ কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে ৰাজ্যৰ দল-সংগঠন সমূহে।