চিৰাং : আৰক্ষীৰ গুণ্ডাৰাজ আৰম্ভ হৈছে ৰাজ্যত। আপুনি আৰু আপোনাৰ লগত বাইকত থকা আৰোহীজন হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। হেলমেট পৰিধান নকৰিলে আপুনি ভৰিব লাগিব জৰিমনা। মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে হেলমেট পৰিধান কৰিবই লাগিব। কিন্ত হেলমেট পৰিধান কৰাটো সৰ্বসাধাৰণ ৰাইজৰ বাবেহে বাধ্যতামূলক, আৰক্ষীয়ে হেলমেট পৰিধান কৰিব নালাগে।

ৰাজ্যত এতিয়া সৰ্বসাধাৰণ ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ লগত জড়িত লোকৰ বাবে আছে বেলেগ বেলেগ নিয়ম। সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আৰোপ কৰা নিয়ম আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰযোজ্য নহয়। এইক্ষেত্ৰত যদি সৰ্বসাধাৰণ ৰাইজে আৰক্ষী প্ৰশাসনৰ লোকক প্ৰশ্ন কৰে তেন্তে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চলে আৰক্ষীৰ নিৰ্যাতন। ইয়াৰ এক জ্বলন্ত উদাহৰন দেখিবলৈ পোৱা গ’ল চিৰাং জিলাৰ বাসুগাঁৱত।

বাসুগাঁৱত প্ৰতিদিন টাইম নামৰ ব্যাক্তিগত নিউজ চেনেলৰ চিৰাংৰ সাংবাদিক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। ৰাজহুৱাভাৱে সাংবাদিক জনক বাসুগাঁও চহৰৰ মাজ মজিয়াত প্ৰহাৰ কৰে আৰক্ষীয়ে। সাংবাদিকজনৰ দোষ আছিল প্ৰদিপ শাহা নামৰ এজন আৰক্ষী কনিষ্টবলে হেলমেট পৰিধান নকৰাকৈ লগত আন এজন কনিষ্টবলক লৈ মটৰ চাইকেল চলাই যাওঁতে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষীজনক হেলমেট পৰিধান নকৰাকৈ কিয় মটৰ চাইকেল চলাইছে বুলি প্ৰশ্ন কৰিছিল।

আৰক্ষীয়েই হেলমেট পৰিধান নকৰা সৰ্বসাধাৰণ লোকক জৰিমনা বিহে, তেনে অৱস্থাত আৰক্ষীৰ লোকেই যদি হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলাই চৰকাৰৰ আইন অমান্য কৰে সাধাৰণ লোকে কিয় নকৰিব বুলিও আৰক্ষীক প্ৰশ্ন কৰে সাংবাদিকজনে। ইয়াৰ পিছতে সাংবাদিকজনৰ ওপৰত চলে আৰক্ষীৰ নিৰ্মম প্ৰহাৰ। ইয়াৰ পিছতে সৰ্বসাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে এইখন ৰাজ্যত আৰক্ষীৰ আইন অমান্য কৰাৰ অধিকাৰ আছে।

বাসুগাওঁ আৰক্ষীৰ দ্বাৰা সাংবাদিক নিগ্ৰহৰ ঘটনাক তিব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যৰ বিভিন্ন দল- সংগঠনে। সাংবাদিক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীৰ প্ৰহাৰৰ ঘটনাক তিব্ৰ গৰিহণা দিছে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বিপ চৌধুৰী আৰু চিৰাং জিলা সমিতিৰ সভাপতি সুনিল শৰ্মা আৰু সম্পাদক আব্দুল মালেক আহমেদে। জাফাৰ তৰফৰ পৰা দোষী আৰক্ষী কনিষ্টবলৰ কঠোৰ শাস্তিৰ দাবী জনোৱা হৈছে।

ইতিমধ্যে জাফাই আৰক্ষী কনিষ্টবলজনৰ শাস্তিৰ দাবীত মঙলবাৰে জিলা সদৰ কাজলগাঁৱত কলাবেজ পৰিধান কৰি এঘন্টীয়া মৌন প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ঘটনাক ৰাজ্যৰ সকলো জিলাৰ সাংবাদিক সকলে গৰিহণা দিছে। ইফালে ঘটনাৰ লগত জড়িত দুই আৰক্ষী কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰিছে আৰক্ষী অধীক্ষকে।