গুৱাহাটী, ২৪ নৱেম্বৰঃ দেশৰ বিভিন্ন প্রান্তত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাবে সাংবাদিকৰ ওপৰত আক্রমন আৰু হত্যাৰ ঘটনা সংঘটিত হােৱাৰ প্ৰতিবাদত আজি নেচনেল ইউনিয়ন অব জানেলিষ্ট ইণ্ডিয়া’(এন ইউ জে আই) আৰু ‘জার্নেলিষ্ট এছ’চিয়েছন অব আছাম’(জা)ৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যেগত সাংবাদিক সকলে দিশপুৰৰ অসম সচিবালয় জনতা ভৱনৰ সন্মুখত ধর্ণ কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১১ বজাৰ পৰা সাংবাদিক সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ সাংবাদিক হত্যা বন্ধ কৰক,সাংবাদিক সুৰক্ষা আইন প্রণয়ন কৰক, সুদীপ দত্ত ভৌমিক হত্যাৰ বিচাৰ লাগে সংবাদ মাধ্যম আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, সাংবাদিকক সুৰক্ষা দিব নােৱাৰা চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাৱল কৰি তোলে। প্রতিবাদী কাৰ্যসূচীত অংশগ্রহন কৰি ‘জো’ৰ সাধাৰণ সম্পাদক তথা এনইউ জে আই-ৰ ৰাষ্ট্ৰীয় সম্পাদক ভূপেন গোস্বামীয়ে কয় যে বিগত ৬ মাহত দেশৰ বিভিন্ন প্রান্তত ৭ জনকৈ সাংবাদিকক হত্যা কৰা হৈছে যদিও আজি পর্যন্ত এজন অপৰাধীকো আটক কৰিবলৈ চৰকাৰ সফল হোৱা নাই। শেহতীয়া ভাবে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত সুদীপ দত্ত ভৌমিক নামৰ কৰ্ত্তব্যৰত সাংবাদিক জনক ত্ৰিপুৰা ষ্টেট ৰাইফলচৰ জোঁৱানে গুলীয়াই হত্যা কৰে যদিও ৰাজ্য চৰকাৰখনৰ নিৰব ভূমিকাই বিষটােত ৰহস্যৰ সৃষ্টি কৰিছে। আনহাতে বর্তমান ক্রমাগতভাৱে অসমত সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বুলি উল্লেখ কৰি জেষ্ঠ্য সাংবাদিক তথা ‘জাৰ কেন্দ্রীয় উপ-সভাপতি অংকুৰ ৰনজন চাংমাইয়ে আশংকা প্রকাশ কৰি কয় যে সময় থাকোতেই যদি আমাৰ সাংবাদিকসকল সচেতন নহয় তেন্তে অদূৰ ভৱিষ্যতত সংবাদ মাধ্যমলৈ ইয়াতকৈও অধিক ভয়াবহ ভাবুকি অহাৰ সম্ভাৱনাই দেখা দিছে। এনে সময়ত সাংবাদিক আৰু সংবাদকর্মীৰ সামগ্রিক নিৰাপত্তাৰ বাবে দেশত এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ অতি প্রয়ােজন হৈছে। ধর্ণ কাৰ্যসূচী ‘জাৰ কেন্দ্রীয় সমিতিৰ সম্পাদক পৰমানন্দ ডেকা, গুৱাহাটী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি নিৰেন চন্দন গোস্বামী, সাধাৰণ সম্পাদক সব্যসাচী শৰ্মা, প্রমুখ্যে জেষ্ঠ্য সাংবাদিক সুদীপ শৰ্মা চৌধুৰী, আজাহাৰা আলম, ৰমেন বৰ্মনকে আদি কৰি কেইবাজনো সাংবাদিকে অসমত সংবাদ মাধ্যম আৰু সাংবাদিকৰ সামগ্রিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনােৱাৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে বৰ্তমান সময়ত সক্ৰিয়া ভূমিকা গ্ৰহণ কৰা ৱেব মিডিয়াৰ সাংবাদিকে সম্মুখীন হােৱা সমস্যাসমূহ সমাধানৰ বাস্তব পদক্ষেপ গ্রহন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰােধ জনায়।