কলগাছিয়া, সংবাদ ৩৬৫, ২৭ আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী, ডাউকমাৰী আৰু সুতিৰপাথাৰ গাঁৱত বানপানীৰ পিছৰে পৰাই বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত থকাৰ ফলত মানচিত্ৰৰ পৰা নিশ্চিহ্ন হবলৈ গতি কৰিছে গাঁও তিনিখন।

খহনীয়াই কালৰূপ ধাৰণ কৰি তিনিখন গাঁৱৰ প্ৰায় ৭০ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰাৰ লগতে বিঘাই বিঘাই খেতি-পথাৰ নদীৰ বুকুত জাহ যোৱাৰ ফলত গৃহহীন হৈ পৰিছে শতাধিক লোক। ইয়াৰ উপৰি ১৬৭০ নং উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়খন বেকী নৈত জাহ যোৱাৰ উপক্ৰম হৈ পৰিছে।

উল্লেখযোগ্য যে, খাৰবাল্লী, সুতিৰপাথাৰ আৰু ডাউকমাৰী গাঁৱত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে যদিও খহনীয়া প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত মানচিত্ৰৰ পৰা নিশ্চিহ্ন হবলৈ গতি কৰিছে গাঁও সমূহ। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়খন তীব্ৰ খহনীয়াৰ ভাবুকিৰ সম্মুখীন হৈ পৰিছে।