গুৱাহাটী, সংবাদ ৩৬৫, ২৭ আগষ্ট : মহানগৰীৰ খানাপাৰাস্থিত তাজ ভিভাণ্টা হোটেলত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ বৈঠক। এই বৈঠকৰ আয়োজন জলবিদ্যুৎ উৎপাদন সন্দৰ্ভত আয়োজন এই বৈঠকৰ।

ইফালে বৈঠকৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোটেল তাজ বিভান্তাৰ সন্মুখত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে । বৃহৎ নদীবান্ধৰ বিৰুদ্ধে স্মাৰকপত্ৰ দিবলৈ গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। হোটেল তাজ ভিভাণ্টাৰ সন্মুখত অখিলক বাধা প্ৰদান কৰে আৰক্ষীয়ে। তাজ ভিভাণ্টাৰ সন্মুখৰ সলনি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঠাইত কৃষক মুক্তিক প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় আৰক্ষী আয়ুক্তই।

ইপিনে বৃহৎ নদীবান্ধ সম্পৰ্কে কৃষক নেতা অখিল গগৈয়ে কয় যে বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ’বলৈ নিদিওঁ । চৰকাৰে বৃহৎ নদীবান্ধ বনাবলৈ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা যদি প্ৰত্যাহাৰ নকৰে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন গঢ়ি তুলিব । বৃহৎ নদীবান্ধ অসমক অসমক ব্যাপক ক্ষয়-ক্ষতি কৰিব , সেইবাবেই আমি বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ’বলৈ নিদিওঁ ।