নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬জুন : সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা । পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ’ল খচৰা । তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম । সকলো এন আৰ চি সেৱা কেন্দ্ৰত উপলব্ধ হৈছে এই খচৰা। চক্ৰ বিষয়া, মহকুমাধিপতি, উপায়ুক্তৰ কাৰ্যালয়তো উপলব্ধ খচৰা। পূৰ্বৰ খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তনেৰে প্ৰকাশ কৰা হৈছে তালিকা। তালিকাত আছে ‘ডি ‘ভোটাৰ, বিদেশী ঘোষিতৰ নাম । বিদেশী ন্যায়াধীকৰণত গোচৰ চলা লোকৰো নাম আছে তালিকাত। দাবী-আপত্তিৰ শুনানিৰ ফলাফল এই তালিকাত নাই ।

ইফালে যিসকল ব্যক্তিৰ নাম এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকাত অন্তৰ্ভুক্ত হ’ব, সেইসকল লোকৰ বাসস্থানৰ ঠিকনাত জাননী-পত্ৰ যোগে অৱগত কৰা হ’ব। তালিকাত অন্তৰ্ভুক্ত হোৱা ব্যক্তিয়ে ১১ জুলাই তাৰিখৰ ভিতৰত মনোনীত এন আৰ চি সেৱা কেন্দ্ৰত দাবী উত্থাপন কৰাৰ সুযোগ পাব। ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিৰ পূৰ্বে তেওঁলোকৰ দাবী নিষ্পত্তি কৰা হ’ব।

অৰ্থাৎ যিসকল লোকৰ নাম এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকাত অন্তৰ্ভুক্ত হ’ব সেইসকল লোকে দাবী আবেদন কৰিবলৈ পুনৰ ১৫ দিনৰ সময় লাভ কৰিব। উক্ত সময়ৰ ভিতৰতেই ভাৰতীয় নাগৰিকৰ সকলো ধৰণৰ তথ্যপাতিৰ সৈতে এন আৰ চি সেৱা কেন্দ্ৰত দাবী আপত্তি দাখিল কৰাৰ সুবিধা লাভ কৰিব। ইপিনে অতিৰিক্ত কৰ্তন তালিকা অনলাইনৰ জৰিয়তে চোৱাৰ সুবিধা থাকিব। www.nrcassam.nic.in ৱেবছাইটত “Complete Draft NRC viewing link ” ক্লিক কৰি অতিৰিক্ত তালিকা অনলাইনত চাব পাৰিব।