মুকালমুৱা, ২৩ ছেপ্টেম্বৰঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কাপলাবড়ীৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা নিশা চোৰে প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী  চুৰি কৰি নিয়ে৷ প্ৰাপ্ত তথ্য মতে, কাপলাবাৰীৰ পৰাণ আলী নামৰ লোকজনৰ  ইলেকট্ৰনিক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ তলা ভাঙি চোৰৰ দলটোৱে দোকানৰ ভিতৰত প্ৰৱেশ কৰি এলইডি টিভিৰ পৰা আৰম্ভ কৰি মোৱাইল ফোনসহ বহু ইলেকট্ৰনিক সামগ্ৰী চুৰি কৰি নিয়ে৷ পুৱা দোকানখনৰ স্বত্বাধিকাৰী পৰাণ আলীয়ে দোকানৰ তলা ভঙা অৱস্থা প্ৰত্যক্ষ কৰে৷ পৰাণ আলীয়ে জনোৱা মতে চোৰে দোকানখনৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি লৈ যায়৷ পৰাণ আলীয়ে ঘটনাৰ সন্দৰ্ভত দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷