জোনমণি বেগম

বিশ্বনাথ : একে দিনেই ২২ জনকৈ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদান কৰিলে বিশ্বনাথৰ এগৰাকী প্ৰতিষ্ঠিত ব্যবসায়ীয়ে।বিশ্বনাথ জিলা ঘোষণা হোৱাৰ পৰাই জিলাখনৰ বিভিন্ন স্থানত অগ্ৰসৰ হ’বলৈ ধৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। জিলাখনৰ জনসাধাৰণৰ চাহিদাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বিশ্বনাথৰ প্ৰতিষ্ঠিত ব্যবসায়ী চট্টৰ সিং পাৱাৰে বিশ্বনাথ নগৰত শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কে এফ চি’ৰ বিপনী।

বিশ্বনাথৰ প্ৰতিষ্ঠিত ব্যবসায়ী চাট্টাৰ সিং পাৱাৰে বিশ্বনাথত এই কে এফ চি’ৰ বিপনী বহু দিন পূৰ্বেই শুভাৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছিল যদিও লক ডাউন আৰু উক্ত প্ৰতিষ্ঠান শুভাৰম্ভ কৰা স্থানক লৈ কিছু সমস্যা হোৱাৰ বাবে প্ৰায় ছমাহ মান এই প্ৰতিষ্ঠান শুভাৰম্ভৰ কাম সম্পূৰ্ণ কৰাৰ স্বতঃমুকলি কৰিব পৰা নাছিল উক্ত প্ৰতিষ্ঠানখনি। যাৰ বাবে এই প্ৰতিষ্ঠানখনত কৰ্ম সংস্থাপন দিয়া ২২ জনকৈ যুৱক-যুৱতী প্ৰায় ছমাহ ধৰি কোনো কৰ্ম অবিহনে বহি থাকিব লগিয়া হৈছিল। কিন্তু শনিবাৰে এই প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে সকলো সমস্যা সমাধান কৰি অবশেষত এই প্ৰতিষ্ঠানখন মুকলি কৰাত ২২ জনকৈ যুৱক-যুৱতী এতিয়া উৎফুল্লিত হৈ পৰিছে।

কোনো চৰকাৰী চাকৰী নহয় যদিও ব্যক্তিগত এই কে এফ চি প্ৰতিষ্ঠানখনে বিশ্বনাথৰ ২২ জনকৈ যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়া কাৰ্যই নিশ্চিত এক প্ৰশংসনীয় কাৰ্য হিচাপে পৰিগণিত হৈছে। আনহাতে এই শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে চট্টৰ সিং পাৱাৰৰ পুত্ৰ তথা বিশ্বনাথৰ আন এজন প্ৰতিষ্ঠিত ব্যবসায়ী ৰাজকুমাৰ পাৱাৰ তথা বিশ্বনাথৰ আন আন বহু স্থানীয় ব্যক্তি। বিশ্বনাথৰ নগৰৰ মাজমজিয়াৰ চিটি হাব কেম্পাছত শুভাৰম্ভ কৰা হৈছে এই প্ৰতিষ্ঠানখন।