আজিজ আলী

মুকালমুৱা : নিজ ভূমিত উৎপাদিত শাক-পাচলি আৰু নিজৰ পুখুৰীত উৎপাদিত মাছ আৰু থলুৱা কুকুৰাৰ মাংসৰে স্বাৱলম্বী হৈছে দিম্পুৰাজ তালুকদা। গংগা জমুনা এগ্ৰ’ ৰিজৰ্ট আৰু ইকো ক্লাবৰ জৰিয়তে স্বাৱলৱমী হৈছে দিম্পুৰাজ তালুকদাৰ নামৰ এজন শিক্ষিত যুৱক।

মন কৰিলেই চন, বকৰাণিতো হয় ধন বুলি অসমীয়াত প্ৰচলিত আপ্তবাক্যফাঁকি সাৰ্বজনবিদিত।এই কথাষাৰিকেই যেন প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ জাগাৰা নিবাসী ভূপেন তালুকদাৰ আৰু তেওঁৰ বৰপুত্ৰ দিম্পুৰাজ তালুকদাৰে। পিতা-পুত্ৰৰ প্ৰচেষ্টা আৰু ঐকান্তিক সাধনাৰে প্ৰায় ৬৫ বিঘাৰ ভূমিত আৰম্ভ কৰিছিল এখন আটকধুনীয়া ফাৰ্ম।

এই ফাৰ্মখনেই আজি পৰ্যবসিত হৈছে “গংগা-যমুনা এগ্ৰ’ ৰিজৰ্ট আৰু ইকো ক্লাব”লৈ। যিখন পাৰ্কত প্ৰায় ২৫ জন স্থানীয় যুৱকক সংস্থাপন দিছে পিতা-পুত্ৰই। আনহাতে, পার্কখনত সময়ে-সময়ে জ্যেষ্ঠলোকৰ মনোৰঞ্জনৰ বাবে আয়োজন কৰিছে বিশেষ প্ৰীতিভোজৰ আৰু সাধাৰণ লোকৰ বাবে আয়োজন কৰিছে চিকিৎসা শিবিৰ।

অনাগত দিনত বহল ভিত্তিত অসমৰ ভিতৰত এখন আকৰ্ষণীয় আমোদজনক ঠাইলৈ ৰূপান্তৰিত হ’ব এই পার্কখন। অঞ্চলটোৰ স্থানীয় নাগৰিক সকলৰ লগতে নিবনুৱা যুৱক-যুৱতী সকলে পিতা-পুত্ৰৰ এই সপোনে বাস্তৱায়িত হৈ যেন সাকাৰ ৰূপ লাভ কৰে ইয়াৰে কামনা কৰিছে।