ৰঙিয়া, ১০ মেঃ ৰঙিয়াৰ ঢোলকুছিত ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষত দুইটা ফৈদৰ তিনিজনকৈ যুৱক গুৰুতৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ঢোলকুছিৰ পুঠিমাৰী নদীত তিনিগৰাকী কিশোৰীয়ে গা ধুই থকা অৱস্থাত পশ্চিম ভেঁহবাৰী গাঁৱৰ এজন যুৱকে কিশোৰী কেইগৰাকীক অশ্লীন ইংগিত দিয়ে৷ কিশোৰী তিনিগৰাকীয়ে এই বিষয়ে পৰিয়ালৰ লগতে গাঁৱবাসীক অৱগত কৰাত এক অঞ্চলজুৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ গাঁৱৰে কেইজনমান যুৱকে অভিযুক্ত যুৱকজনক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে৷ কিন্তু প্ৰতিবেশী গাঁৱৰ যুৱকসকলে অভিযুক্ত যুৱকজনক আৰক্ষীৰ হাতত চমজাই দিয়াত বাধা দিয়াত দুইটা ফৈদৰ মাজত তৰ্ক-বিৰ্তকৰ সৃষ্টি হয়৷ এই বিৰ্তকই ক্ৰমাৎ সংঘৰ্ষলৈ পৰ্যবসিত হয়৷ দুইটা ফৈদৰ যুৱক সকলে হাতে-হাতে যাঠি-জোং-ডেগাৰ লৈ আৰক্ষীৰ সন্মুখতে আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰে৷ অৱশেষত ঘটনাস্হলীত অৰ্ধ-সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ এই সংঘৰ্ষত ঢোলকুছিৰ সজ্ঞয় দাস, বশিষ্ঠ দাস আৰু ভেঁহবাৰীৰ অলিল আলী গুৰুতৰ ভাবে আহত হয়৷