অনলাইন ডেস্ক, ১০ মেঃ উত্তৰ প্ৰদেশৰ আগৰা বিখ্যাত প্ৰেমৰ প্ৰতীক তাজমহলৰ কাৰণে৷ দেশ- বিদেশৰ হাজাৰ হাজাৰ পৰ্যটক আহি ভিৰ কৰে আগৰাত তাজমহল চোৱাৰ বাবে, তাজমহলকলৈ আগৰাবাসীয়ে গৌৰৱ কৰে৷ কিন্তু এইবাৰ আগৰা চৰ্চাত আহিছে কাছক কেন্দ্ৰ কৰি৷ আগৰাৰ পৰা  আশী কিলোমিটাৰ দূৰৈৰ পিনহাত আৰক্ষী চকীৰ অন্তৰ্গত ছদ্দামিপুৰ গাঁৱৰ এখন পুখুৰীত হঠাৎ মৰিবলৈ ধৰিছে কাছ৷ অতিকৈ পুৰণি এই পুখুৰীখনত গাওঁবাসীয়ে এশৰো অধিক মৃত কাছ ওপঙি থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হঠাৎ বৃহৎ সংখ্যক কাছৰ মৃত্যুৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে৷ পুখুৰীৰ পানী দূষিত হোৱাৰ ফলতো কাছৰ মৃত্যু হ’ব পাৰে বুলি বন বিভাগৰ উচ্চপদস্থ বিষয়াই মত পোষণ কৰে৷ বিষয়াজনে কয় যে তদন্তৰ পিছতে কাছৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব৷ উল্লেখ্য যে গাঁৱখনৰ এই পুৰণি পুখুৰীটোত পাঁচশৰো অধিক কাছ আছিল৷ কিন্তু লাহে লাহে এই কাছবোৰ নাইকিয়া হ’বলৈ ধৰিলে৷ বন বিভাগে সময় থাকোতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হ’ব ধৰা এই কাছবিধৰ প্ৰজাতি সম্পূৰ্ণ ৰূপে নাইকিয়া হৈ যাব বুলি গাঁৱবাসীয়ে উদ্বেগ প্ৰকাশ কৰিছে৷