মিৰ্জা, ২৯ ছেপ্টেম্বৰঃ ভাৰতৰ বিভিন্ন ঠাইত উদযাপিত হৈছে দুৰ্গা পূজা। দশমী দিনা দুৰ্গা পূজাৰ প্ৰতিমা সমূহ নৈত বিসৰ্জন দিয়া হ’ব। পূজাৰ প্ৰতিমাসমূহ নৈত বিসৰ্জন দিয়া ফলত প্ৰতিমাৰ অৱশিষ্ট অংশই নৈৰ গভীৰতা হ্ৰাস কৰি বানপানীৰ সৃষ্টি কৰে। মিৰ্জা সাৰ্বজনীন দুৰ্গা সমিতিয়ে পৰিবেশ নিৰ্মূলকৰণৰ লগতে বিভিন্ন দিশৰ সৰ্ম্পকে চিন্তা কৰি স্থায়ী প্ৰতিমা নিৰ্মান কৰে। এই প্ৰতিমা কংক্ৰিতৰ হোৱা বাবে বিসৰ্জন নিদিয়াৰ ফলত পানী প্ৰদূষিত নহয় তথা নৈৰ গভীৰতাও হ্ৰাস নাপায়। যাৰ ফলত বানপানী সৃষ্টি হোৱাৰ সম্ভাৱনাও হ্ৰাস পাইছে। মিৰ্জা সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা ২০ ছেপ্টেম্বৰত পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই মুকলি কৰে। মিৰ্জা দুৰ্গা পূজা সমিতিয়ে প্ৰায় ৬ লাখ টকা ব্যয় সাপেক্ষে প্ৰতিমাখন নিৰ্মান কৰে। আনহাতে মিৰ্জাৰ স্থানীয় লোকে প্ৰায় ৯০ ফুট উচ্চতাৰ ৰাৱণৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। উল্লেখ্য যে, বিগত তিনিবছৰ ধৰি মিৰ্জাৰ জনসাধাৰণে ৰাৱনবধ পালন কৰি আহিছে। সমাজৰ পৰা অপায়-অমঙ্গল দূৰ কৰাৰ লগতে দুষ্টচক্ৰক নিধন কৰাৰ বাবে এই ৰাৱনবধ পালন কৰা হয়।