নিউজ ডেস্ক, ৮ মে’, ২০২৪ : ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ প্লে-অফত স্থান নিশ্চিত কৰিবলৈ বাকী থকা তিনিখন মেচৰ এখনত জয়লাভ কৰিব লাগিব৷ ছিজনৰ প্ৰথম নখন মেচৰ আঠখনতে জয়লাভ কৰি সুন্দৰ আৰম্ভনি কৰা ৰয়েলছে অন্তিম দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে৷ হায়দৰাবাদত পইণ্ট হেৰুওৱা ৰয়েলছে যোৱানিশা নতুন দিল্লীৰ অৰুন জেটলী ষ্টেডিয়ামত খেলা একাদশ মেচত ঘৰুৱা দল দিল্লী কেপিটেলছৰ বিৰুদ্ধেও ২০ ৰানত পৰাস্ত হয়৷

ক্ৰমাগত দুখন মেচত দলটোৰ এই ব্যৰ্থতা সম্পৰ্কত ৰাজস্থান ৰয়েলছৰ সঞ্চালক তথা মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই কয় যে মেচত কৰা কিছুমান আকস্মিক ভুলৰ বাবেই তেওঁলোকে পৰাজয়ৰ সন্মুখীন হৈছে৷ অৱশ্যে যোৱানিশাৰ মেচৰ ৰাজস্থান ৰয়েলছৰ ইনিংছৰ ১৬ নম্বৰ অভাৰত সঞ্জু ছেমছনৰ প্ৰশ্নবোধক আউটে খেল সলনি কৰা বুলিও শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাৰজনে কয়৷ ‘এয়া প্ৰত্যাহ্বানমূলক। আমাৰ ছিজনৰ আৰম্ভণি কল্পনাতীত আছিল৷ কিন্তু বাটতে আমি থমকিছো৷ অৱশ্যে প্ৰতিযোগিতাখন এনেকুৱাই৷ শীৰ্ষত থকাৰ পাছতো আমি যেন বহুত বেছি আকস্মিক ভুল কৰিছো৷ খেলখন আগবাঢ়ি যোৱাৰ লগে লগে খেলপথাৰত ধৈয্য ধৰাৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ৷’ ছাংগাকাৰাই কয়৷

উল্লেখ্য যে অহা দেওবাৰে চেপকত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলাৰ পাছতে ৰয়েলছে অন্তিম দুখন মেচ খেলাৰ বাবে গুৱাহাটীলৈ আহিব৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত দলটোৱে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান দল৷ ইফালে, যোৱানিশাৰ মেচত বিপক্ষই বিস্ফোৰক বেটিং কৰাৰ পাছতো ৰবীচন্দ্ৰন অশ্বিন আৰু যুজবেন্দ্ৰ চাহালৰ বলিং সুন্দৰ আছিল বুলি কয় ৰয়েলছৰ প্ৰশিক্ষকজনে৷

‘প্ৰথম ইনিংছৰ শেষৰ ফালে আমি কেইটামান অতিৰিক্ত ৰান দিলো৷ কাৰ্যতঃ সেয়াই টাৰ্ণিং পইণ্ট হ’ল৷ অৱশ্যে আমি মেচ নিয়ন্ত্ৰনত ৰাখিছিলো৷ পাৱাৰপ্লে ভাল হোৱা নাছিল যদিও সঞ্জু আৰু ৰিয়ানে আমাক খেললৈ প্ৰত্যাৱৰ্তন কৰাইছি৷ শুভম ডুবেৰ অৱদানো গুৰুত্বপূৰ্ণ আছিল৷ কিন্তু অন্তিম তিনি অভাৰত ডট বল বহুত হৈছিল৷ ডাঙৰ খেলত অনুশাসিত হোৱাটো প্ৰয়োজন৷’ ছাংগাকাৰাই লগতে ব্যক্ত কৰে৷