তামুলপুৰ, ৭ মে’, ২০২৪ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক (Wild Elephant Killed One)। বনৰীয়া হাতীৰ জাকৰ পৰা কলগছৰ বাগান ৰক্ষা কৰিবলৈ যোৱা দুজন লোকক আক্ৰমণ কৰে এটা দাতাল হাতীয়ে। দাতাল হাতীটোৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আনজন গুৰুত্বৰভাৱে আহত হয়। আহত লোকজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওলাই জনাঞ্চলত প্ৰৱেশ কৰিছিল বনৰীয়া হাতীৰ এটা বৃহৎ জাক।

ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বাক্সা জিলা বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। বিশেষকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে। বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে আন এজন লোক।

তামুলপুৰৰ কুমাৰীকাটাৰ আওজাৰগুৰী গাঁৱত সোমবাৰে নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুত্বৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে নিশা বনৰীয়া হাতীৰ আক্ৰমণত আওজাৰগুৰি গাঁৱৰ ৩৮ বছৰীয়া ধনিৰাম নাৰ্জাৰী আৰু ৬৫ বছৰীওয়া সুনিল বসুমতাৰী নামৰ দুজন লোক গুৰুত্বৰভাৱে আহত হয়। হাতীৰ আক্ৰমণত ধনিৰাম নাৰ্জাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে সুনিল বসুমতাৰী নামৰ লোকজন সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছে।

নিশা বনৰীয়া হাতীৰ বৃহৎ জাক এটা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰি কেইবাজনো লোকৰ বাৰীৰ কলগছ , তামোল গছ, নাৰিকল গছ ভাঙি তহিলং কৰে। বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি এটা দাতাল হাতীয়ে সুনীল বসুমতাৰী নামৰ লোকজনৰ কলগছৰ বাগানত সোমাই কলগছ খাই উপদ্ৰৱ চলাই থকা অৱস্থাত সুনীল বসুমতাৰীয়ে জোঁৱাই ধনিৰাম নাৰ্জাৰীৰ সৈতে দাতাল হাতীটো খেদিবলৈ যায়। তেনে সময়তে দাতাল হাতীটোৱে খেদি আহি দুয়োজনকে আক্ৰমণ কৰে। হাতীটোৰ আক্ৰমণত ধনিৰাম নাৰ্জাৰী আৰু সুনিল বসুমতাৰী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পিছত ৰাইজে দাতাল হাতীটো খেদি দুয়োজনকে ততাতৈয়াকৈ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়লৈ আনাৰ পথত ধনিৰাম নাৰ্জাৰীৰ মৃত্যু হয় আৰু সুনীল বসুমতাৰীৰ আঘাত গুৰুত্বৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বিগত ১৫ দিনৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত কুমাৰীকাটা আৰু নাগ্ৰিজুলী অঞ্চলত দুজনকৈ লোক নিহত হৈছে। বনৰীয়া হাতীৰ জাকটো বিগত।কেইবাদিন ধৰি ভাৰত-ভূটান সীমান্তৰ কেইবাখনো গাঁৱত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে।