গুৱাহাটী, ২০ আগষ্ট, ২০২৪ : অসমীয়া চিনেমাত এক অনন্য আস্বাদনৰ অভিষেক ঘটোৱা লোকেল কুংফুৰ (Local Kung Fu) অভূতপূৰ্ব সফলতাৰ প্ৰায় এটা দশকৰ পিছত পুনৰ দৰ্শকক একেধৰণৰ আস্বাদনেৰে মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে কেনী বসুমতাৰী আৰু তেওঁৰ দল। লোকেল কুংফু ১ আৰু লোকেল কুংফু ২ ৰ ধাৰাবাহিক সফলতাৰ পিছত অহা ৫ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব লোকেল কুংফু ৩ য়ে। সেই উপলক্ষে মঙলবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত ছবিখনৰ পোষ্টাৰ উন্মোচন তথা ট্ৰেইলাৰ মুকলি কৰা হয়।

এই নতুন অসমীয়া ছবিখনৰ বিষয়ে মত প্ৰকাশ কৰি অভিনেতা তথা ছবি পৰিচালক কেনী বসুমতাৰীয়ে কয়, ”আটাইতকৈ ভাললগা কথাটো হ’ল যে বনজো, দুলু, তানসেন, মণ্টু দা, চাৰ্লিৰ দৰে লোকেল কুংফু ১ ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কুংফু ৩ ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে। আমাৰ এই নতুন ছবিখনত এটি সৰু লোকেলভাৰ্ছৰ জৰিয়তে লোকেল কুংফু ২ ৰ মামা-ভাগিনে এতিয়া লোকেল কুংফু ১ ৰ জগতখনত প্ৰৱেশ কৰিছে।’’ উল্লেখ্য যে, লোকেল কুংফু ৩ ত পুৰণি চৰিত্ৰসমূহৰ লগতে এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু তানসেনৰ বিগ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখতাৰ আৰু ৰুবুল বড়োৱে অভিনয় কৰিছে।

মন কৰিবলগীয়া যে, কেনী বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহৰ তুলনাত অভিলাসী সংগীতৰ পয়োভৰ এই ছবিখনত দেখা গৈছে। ছবিখনত মুঠ ৮ টা গীত সন্নিৱিষ্ট কৰা হৈছে, য’ত কণ্ঠ নিগৰাইছে আচুৰ্য্য বৰপাত্ৰ, শ্বাশ্বতী ফুকন, নীল আকাশ, ৰাজ জে কোঁৱৰ আৰু অম্বৰ দাসৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীয়ে। ইয়াৰ উপৰিও লোকেল কুংফু ৩ ত কণ্ঠ নিগৰাইছে শ্বেডী মেল’, জনম কাশ্যপ, স্নেহা আৰু শ্ৰুতি শৰ্মাৰ দৰে উদীয়মান কণ্ঠশিল্পীয়েও। আনহাতে, বনী দেউৰীৰ প্ৰথম হিট গীত “নম্বাৰ ৱান আণ্ডাৰ-১৮ ডন ইজ বনজো”ৰ বিপুল সফলতাৰ পিছত এইবাৰ প্ৰস্তুত কৰি উলিওৱা হৈছে “আই এম গ’ন্না গিভ ধুলাই” শীৰ্ষক এটা বিশেষ ট্ৰেক।

৫ ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ বিষয়ে উৎসাহ ব্যক্ত কৰি কেনী বসুমতাৰীয়ে কয়, ”কাকতালীয়ভাৱে আমাৰ এই ছবিখন শিক্ষক দিৱসৰ বিশেষ দিনটোত ছবিগৃহত মুক্তিলাভ কৰিব। এয়া আমাৰ বাবে গৌৰৱৰ কথা, কিয়নো গুৰু-ছাত্ৰৰ সম্পৰ্কই হৈছে আমাৰ ছবিখনৰ মূল বিষয়। এই উপলক্ষ্যে আমি ৰাজ জে কোঁৱৰৰ দ্বাৰা প্ৰস্তুতকৃত ‘গুৰু মোৰ, গুৰু আমাৰ’ শীৰ্ষক এটা বিশেষ গীতো সৃষ্টি কৰিছোঁ। ৰাজদ্বীপৰ কথা আৰু আচুৰ্য্য বৰপাত্ৰৰ কণ্ঠৰ এই গীতটো শিক্ষাগুৰুসকললৈ শ্ৰদ্ধাঞ্জলি হোৱাৰ লগতে শিক্ষক দিৱস উদযাপনৰ অবিচ্ছেদ্য অংগ হৈ উঠিব বুলি আশা কৰিছোঁ।” লোকেল কুংফু ২ ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এতিয়া লোকেল কুংফু ৩ ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই। তেওঁৰ শিক্ষাৰ্থীসকলৰ ভিতৰত আদ্ৰিতা পৰশা মহন্ত আৰু নৱাগতা ফাৰেণ্যা কাশ্যপ অন্যতম।

প্ৰণিধানযোগ্য যে, কেনী বসুমতাৰীয়ে নিজেই ৰচনা আৰু সম্পাদনা কৰা লোকেল কুংফু ৩ ৰ জৰিয়তে পুনৰ এবাৰ উজ্বলি উঠিছে স্থানীয় প্ৰতিভা। ছবিখনত দৃশ্যগ্ৰহণৰ কাম কৰিছে সূৰুজ ডেকাই, আনহাতে লাইন প্ৰযোজক হিচাপে আছে অনুপম বৈশ্য। একেদৰে প্ৰডাকচন মেনেজাৰ হিচাপে আছে বিভাস সিনহা আৰু আটকধুনীয়াকৈ আৱহ সংগীত পৰিচালনা কৰিছে টোনী দেউৰী বসুমতাৰী তথা ডেৰিক ক’ৰেইয়াই। ছবিখনত আনমোল ৰাজ শইকীয়াই মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু বিশ্ব কলিতাই মেক-আপ বিভাগৰ নেতৃত্ব দিছে। জ্যোতি শংকৰ ভট্টাচাৰ্যই কলা বিভাগ, শ্যামল দাসে কালাৰ গ্ৰেডিং আৰু প্ৰেম ৰাভাই সাজ-সজ্জাৰ তদাৰক কৰিছে। লোকেল কুংফু ৩ ৰ দলে প্ৰকাশ কৰা মতে, লোকেল কুংফু ১ৰ সমগ্ৰ বাজেটৰ দুগুণ খৰচ এই ছবিখনত কেৱল সাজ-সজ্জাৰ বাবেই কৰা হৈছে, যিটো পৰ্দাত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। ছবিখনৰ প্ৰচাৰ ডিজাইনত আছে অভিজিৎ লস্কৰ আৰু তন্ময় কাকতি।

ছবিখনৰ কাহিনী সন্দৰ্ভত কেনী বসুমতাৰীয়ে কয়, ”লোকেল কুংফু ৩ হৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে নিৰ্মাণ কৰা এখন চলচ্চিত্ৰ।’’ তেওঁ লগতে কয়, ” যিসকলে লোকেল কুংফু ১ পুনৰ চাব বিচাৰে বা নিজৰ ল’ৰা-ছোৱালীক দেখুৱাব বিচাৰে, তেওঁলোকে এই চলচ্চিত্ৰখন আমাৰ অন্যান্য ছবিসমূহৰ সৈতে ‘ৰীলড্ৰামা’ত উপভোগ কৰিব পাৰিব।’’ লোকেল কুংফু ৩ ৰ অভিনেত্ৰী ৰিম্পি দাসে এই উপলক্ষে কয়, “এল কে এফ ৩ শীঘ্ৰেই মুক্তি পোৱাৰ বিষয়টোক লৈ মই সঁচাকৈয়ে অত্যন্ত সুখী, এই প্ৰকল্পটোৰ সৈতে মই আন্তৰিকভাৱে জড়িত হৈ পৰিছো, আমি সকলোৱে মিলি দৰ্শকৰ মনোৰঞ্জনৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰিছো, মই নিশ্চিত যে ছবিখন মানুহে আনন্দেৰে আঁকোৱালি ল’ব।”