নিউজ ডেস্ক, ৮ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই  শেহতীয়া বানপানীৰ (Flood) ফলত তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ক্ষতিগ্ৰস্ত ৰে’লপথ সফলতাৰে পুনৰুদ্ধাৰ কৰি বানপানীত ক্ষতিগ্ৰস্ত অঞ্চলটোলৈ পুনৰ ৰে’ল সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰতিকূল বতৰ আৰু প্ৰত্যাহ্বানজনিত বান পৰিস্থিতিৰ মাজতো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অভিযান্ত্ৰিক দলসমূহে অবিৰত প্ৰচেষ্টা চলাই এই পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰাৰ লগতে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণেৰে পৰ্যায়ক্ৰমে ৰে’ল চলাচল পুনৰ আৰম্ভ কৰা হৈছে।

ৰেলপথ পুনৰুদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানেও জলাবদ্ধতা পৰিস্থিতি অব্যাহত থকাৰ বাবে বহু স্থানীয় বাসিন্দা, শিশুসহ পৰিয়ালসমূহ, তেওঁলোকৰ সামগ্ৰী আৰু পশুধনসহ ৰেলপথৰ ওপৰত বা কাষত আশ্ৰয় লৈ আছে। মানৱীয় দিশসমূহ বিৱেচনা কৰি আৰু জনসাধাৰণৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰাথমিকভাৱে পুনৰুদ্ধাৰ কৰা অংশটোৰে কেৱল ডিজেল ইঞ্জিনেৰে ৰেল পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু অভাৰহেড বৈদ্যুতিক সঁজুলিৰ পৰা বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা দূৰ কৰাৰ বাবে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সংশোধিত ৰেল পৰিচালন পৰিকল্পনা অনুসৰি, ৰেল নং ১৫৬৬৯ গুৱাহাটীডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছ, ৰেল নং ১৫৬০৩/১৫৬০৪ গুৱাহাটীলিডুগুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ১৫৯৬৭/১৫৯৬৮ ৰঙিয়া–)-লিডুৰঙিয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ৭৫৬০১/৭৫৬০২ লামডিংতিনিচুকীয়ালামডিং ডেমু আৰু ৰেল নং ৫৫৯১৪ তিনিচুকীয়াযোৰহাট টাউন পেচেঞ্জাৰ আদি ৰেল মৰাণহাট হৈ চলাচল কৰিব। সম্পূৰ্ণ স্বাভাৱিক ৰেল চলাচল পুনৰুদ্ধাৰ নোহোৱালৈকে দীৰ্ঘ দূৰত্বৰ ৰেলসমূহে সাময়িকভাৱে নৰ্থ লখিমপুৰৰঙাপৰা নৰ্থৰঙিয়া হৈ বিকল্প পথৰে চলাচল কৰি থাকিব।

ৰে’ল চলাচল ব্যাহত হোৱাৰ এই সময়ছোৱাত উজনি অসমৰ পৰা অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিয়মীয়া ব্যৱধানত বিশেষ ৰেল চলাই আহিছে। পুনৰুদ্ধাৰ কাৰ্য চলি থকা সময়ছোৱাত এই বিশেষ ৰেলসমূহে যাত্ৰীসকলৰ বাবে এক ফলপ্ৰসূ বিকল্প হিচাপে সেৱা আগবঢ়াইছে আৰু আনহাতে ৰেলপথটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম নোহোৱালৈকে এই বিশেষ সেৱাসমূহে ৰেল সংযোগ ব্যৱস্থাক সহায় কৰি থাকিব।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিষ্ঠাৱান কৰ্মীবাহিনীৰ এক সুসমন্বিত প্ৰচেষ্টাৰ জৰিয়তে পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু তিনিচুকীয়া মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সমন্বিত তত্বাৱধানত গধুৰ যন্ত্ৰপাতি, অভিযান্ত্ৰিক সঁজুলি, সাহায্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সম্পদৰ সহায়েৰে ৭০০ ৰো অধিক কৰ্মীয়ে ক্ষতিগ্ৰস্ত বিভিন্ন অংশত দিনে-নিশাই কাম কৰে। জন শক্তি, যন্ত্ৰপাতি আৰু সামগ্ৰীৰ এক বিস্তৃত পৰিসৰৰ নিয়োজনেৰে পুনৰুদ্ধাৰকাৰী দলসমূহে সুৰক্ষিত, দ্ৰুত আৰু দক্ষতাৰে ৰেলপথ পুনৰ স্থাপন কৰিবলৈ সক্ষম হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যিমান সোনকালে সম্ভৱ স্বাভাৱিক ৰেল চলাচল পুনৰুদ্ধাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু স্থানীয় ৰাইজৰ কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি এই পুনৰুদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।