গুৱাহাটী, ১৮ নৱেম্বৰ: এখনি ভৰিৰে বিশ্ব জিনা অসমৰ সাহসী যুৱক ৰাকেশ পেৰাচাইক্লিষ্ট এইবাৰ ওলাইছে আন এক দুঃসাহসিক অভিযানত৷ থাইলেণ্ডৰ ৰাজধানী বেংককৰপৰা চাইকেল চলাই গুৱাহাটীলৈ আহিব ৰাকেশ৷ কলিয়াবৰৰ আমবাগানৰ দুঃসাহসিক যুৱকজনে এই যাত্ৰাত চাইকেলেৰে অতিক্ৰম কৰিব প্ৰায় ৩৫০০ কিলোমিটাৰ পথ৷ উল্লেখ্য যে, ২০১২ চনৰ ১১ জুনৰ দিনা সংঘটিত এক পথ দুৰ্ঘটনাৰ পিছত এখন ভৰি হেৰুৱাইছিল ৰাকেশে৷ পৰৱৰ্তী সময়ত ৰাকেশে সোঁভৰিত আঁঠুৰ ওপৰৰপৰা কৃত্ৰিম অংগ সংস্থাপন কৰি খোঁজ কাঢ়িবলৈ সক্ষম হয়৷ ৰাকেশে এই প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান হিচাপে লৈ নামি পৰে দুঃসাহসিক চাইকেল অভিযানত৷ ২০১৬ চনৰ ৫ আগষ্টত মানালীৰপৰা চাইকেল চলাই গৈ ১৫ আগষ্টত বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৫০০ ফুট উচ্চতাৰ খাৰডুংগা গিৰিপথত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ একেটা বৰ্ষত তেওঁ নতুন দিল্লীৰপৰা গুৱাহাটীলৈ বানাক্ৰান্ত ৰাইজৰ বাবে আন এক সফল চাইকেল অভিযান সমাপ্ত কৰে৷ প্ৰথমবাৰৰ বাবে আদিত্য মেহতাৰ তত্ত্বাৱধানত পুণেৰপৰা মুম্বাইলৈ এক চাইকেল অভিযান চলাইছিন ৰাকেশে৷ পৰৱৰ্তী সময়ত ২০১৫ চনত তেওঁ কলিয়াবৰৰপৰা লখিমপুৰলৈ আৰু পুনৰ লখিমপুৰৰ পৰা কলিয়াবৰলৈ, কলিয়াবৰৰপৰা শ্বিলঙলৈ আৰু শ্বিলঙৰপৰা পুনৰ কলিয়াবৰলৈ চাইকেল ৰেলীত অংশ লয়৷ একেটা বছৰতে বাংগালুৰৰপৰা হায়দৰাবাদলৈও চাইকেল অভিযান সম্পন্ন কৰে৷ ২০১৬ আৰু ২০১৭ দুয়োতা বৰ্ষতেই তেওঁ অংশগ্ৰহণ কৰে নুমলিগড় মাৰাথনত৷ ২০১৬ চনত ৰাকেশে ৭৫ কিলোমিটাৰ জোৰা আন এক চাইকেল অভিযানতো অংশগ্ৰহণ কৰে৷ ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে সংগঠিত কৰা এই চাইকেল অভিযানত অসম চৰকাৰ, নুমলিগড় শোধনাগাৰ কৰ্তৃপক্ষ, অসম আৰক্ষী আদিয়ে সহযোগিতা আগবঢ়াইছে যদিও এতিয়াও যুৱকজনৰ বিত্তীয় প্ৰয়াজনীয়তা পূৰণ হোৱা নাই৷ আজি গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত নন্দন হোটেলত অনুষ্ঠিত এক সংবাদমেলত তেওঁৰ আগন্তুক দুঃসাহসিক অভিযানৰ বিষয়ে সদৰি কৰে৷ ডিচেম্বৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া ‘ৰাইড ফ’ৰ হোপ ২:চেভ দ্য ৰাইন’ শীৰ্ষক এই চাইকেল অভিযানৰ বাবে ৰাকেশে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে৷  এই অনুষ্ঠানতে ৰাকেশ পেৰাচাইক্লিষ্টৰ  অফিচিয়েল ৱেবছাইট মুকলি কৰা হয়৷ এই ৱেবছাইটটোৰ জৰিয়তে ৰাইড ফৰ হোপৰ দ্বিতীয় সংস্কৰণৰ সবিশেষ তথ্য প্ৰতি মুহূৰ্ততে আগবঢ়াই থকা হ’ব৷