যোৰহাট, ৩০ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ পালন কৰা হয়। অসমীয়া জাতিৰ বৰভেটি নিৰ্মাতা, সমাজ সংস্কাৰক, অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাহক শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৰুজনাৰ আৰ্হিৰে নাম- প্ৰসংগ কৰা হয়। যোৰহাটৰ বিভিন্ন প্ৰান্তত পুৱা ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগৰে ব্যাপক কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱৰ উপলক্ষে পুৱা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে নাম- প্ৰসংগ পৰিবেশন কৰা হয়। ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা শংকৰদেৱ জন্মোৎসৱত বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে।