নিউজ ডেস্ক ১৪ আগষ্ট, ২০২৬ : ভাৰতীয় দলৰ প্ৰাক্তন সদস্য তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীৰ চাৰিটা গ’লেৰে বড়োলেণ্ড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল (Football) প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা এখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছতো সামগ্ৰিকভাৱে গ’লৰ গড় হিচাপত পিছ পৰি থকাৰ বাবে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত বিফল হয়৷ স্মৰ্তব্য যে এইবাৰ ডুৰাণ্ড কাপত ছটা গ্ৰুপৰ শীৰ্ষ ছটা দলৰ লগতে দ্বিতীয় স্থানৰ শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷

সেই অনুসৰি বড়োলেণ্ড এফ চিৰ লগতে দৌৰত আছিল ইষ্ট বেংগল এফ চি, জামছেদপুৰ এফ চি আৰু ছমলেশ্বৰী স্পৰ্টিং৷ চাৰিওটা দলে ছয় পইণ্টকৈ লাভ কৰিছে যদিও গড় হিচাপত শীৰ্ষস্থান লাভ কৰি ইষ্ট বেংগল এফ চি আৰু জামছেদপুৰ এফ চিয়ে অন্তিম আঠলৈ যোগ্যতা অৰ্জন কৰে৷ গুৱাহাটীৰ সৰুসজাইৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ অন্তিমখন মেচ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বাবে গুৰুত্বহীন আছিল৷ কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটো ইতিমধ্যে নকআউট সমিকৰণৰ পৰা আঁতৰি গৈছিল৷ কিন্তু বড়োলেণ্ড এফ চিয়ে এই মেচখনত বৃহৎ ব্যৱধানত জয়ী হ’লে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ আশা সজিব আছিল৷

দলে আৰম্ভণিৰ পৰাই বিপক্ষক আক্ৰমণ কৰি গ’ল কৰাৰ লক্ষ্য কাৰ্যতঃ বাস্তব কৰি তুলিছিল৷ দলৰ তাৰকা ষ্ট্ৰাইকাৰ ভাৰতীয় দলৰ প্ৰাক্তন সদস্য অসম সন্তান হলিচৰণ নাৰ্জাৰীয়ে প্ৰথমাৰ্ধতে ১১, ২৮ মিনিট দুটা গ’ল দিয়ে৷ আনহাতে, কৌশিক দৈমাৰীয়ে ৫১ মিনিটত তথা জি গয়াৰীয়ে ৮৯ মিনিটত গ’ল কৰি ব্যৱধান ৪-০ কৰে৷ হলিয়ে ৮৪ আৰু ইঞ্চুৰী টাইমত আৰু দুটা গ’ল দিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷