গুৱাহাটী, ১৫ আগষ্ট, ২০২৬ : চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (Assam Premier League) শুকুৰবাৰে হোৱা এখন শ্বাসৰুদ্ধ মেচত নগাঁও ৰেঞ্জাৰ্ছে তিনি ৰাণত তেজপুৰ টাইটানছক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে৷ পোনতে বেটিং কৰি ১২৩ ৰাণ কৰাৰ পাছতো ৰেঞ্জাৰ্ছে দৰ্শনীয় বলিং আৰু ফিল্ডিঙৰে টাইটানছক নিৰ্ধাৰিত অভাৰত ১২০ ৰাণত অলআউট কৰি চাপৰ মেচত জয় অৰ্জন কৰে৷
গুৰুত্বপূৰ্ণ মেচখনত টছত জয়ী হৈ টাইটানছৰ অধিনায়ক আয়ুষ্মান মালাকাৰে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ মন্থৰ উইকেটৰ সুযোগ লৈ তেজপুৰৰ বলাৰে অনন্য বলিং কৰি নগাঁৱৰ বেটাৰক বান্ধি ৰাখে৷ উল্লেখ্য যে মাত্ৰ এক ৰাণ অতিৰিক্ত হিচাপে খৰছ কৰে টাইটানছৰ বলিং বিভাগে৷ দলৰ প্ৰাচুয্য কাকতিয়ে ১৯ ৰাণত পাঁচটা উইকেট লাভ কৰি লীগত প্ৰথম বলাৰৰূপে এই কৃতিত্ব অৰ্জন কৰে৷ আয়ুষ্মানে ২৭ ৰাণত তিনিটা উইকেট পায়৷
বিপৰীতে, পাৱাৰ প্লেত দুই অপেনাৰ অধিনায়ক সমিত কাশ্যপ ৭আৰু সৌম্যদ্বীপ দাস ৪ ৰ উইকেট হেৰুওৱাৰ পাছত ৰেঞ্জাৰ্ছৰ ইনিংছ জিতু আলী ৪৫ আৰু ধ্ৰুৱ ৰাজ বৰা ৩৬ ই ৭৪ ৰাণৰ যুটি বান্ধি গঢ় দিছিল যদিও আঠ ৰাণৰ ভিতৰত উভয় বেটাৰ আউট হোৱাত দলৰ বেটিং বিপৰ্যয় নামি আহে৷ ৩৬ ৰাণত অন্তিম আঠটা উইকেট হেৰুওৱা ৰেঞ্জাৰ্ছে ১৯.৩ অভাৰত ১২৩ ৰাণত অলআউট হয়৷
কিন্তু সহজ বিজয়লক্ষ্য হোৱাৰ পাছতো টাইটানছৰ বেটাৰে দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে দলে ধাৰাবাহিকৰূপত উইকেট হেৰুৱাই ২০ অভাৰত ১২০ ৰাণত ইনিংছ সামৰে৷ ৰোছন টপ্ন’ ৩১ আৰু ৱাছিম আক্ৰমে ২১ ৰাণ কৰাৰ বাদে বাকীসকল ব্যৰ্থ হয়৷ ৰেঞ্জাৰ্ছৰ অধিনায়ক সমিতে ২৫ ৰাণত তথা জ্ঞানমে ১৭ ৰাণত দুটাকৈ উইকেট পায়৷ উভয় দলে সাত নম্বৰ মেচখনত অবতীৰ্ণ হোৱাৰ পাছত তেজপুৰ টাইটানছ দলে দুই পইণ্টৰে তালিকাৰ অন্তিম স্থানতে থাকিল৷ দলৰ প্লে-অফৰ সম্ভাৱনা ক্ষীন হৈ পৰিছে৷ বিপৰীতে নগাঁও ৰেঞ্জাৰ্ছে পাঁচ পইণ্ট লাভ কৰি ষষ্ঠ স্থানলৈ উত্তৰণ কৰিছে৷
