মাজুলী, ২২ মেঃ মাজুলীৰ মাজৰ দেউৰী গাঁৱত স্থাপন কৰা উত্তৰ-পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজখন শীঘ্ৰে প্ৰাদেশিকীকৰণৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে দেউৰী ষষ্ঠ অনুসূচি দাবী সমিতিয়ে৷ সমিতিৰ প্ৰধান সম্পাদক সুমন দেউৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে, বিভিন্ন দিশত পিছ পৰি থকা মাজুলীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে উচ্চ শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে মাজৰ দেউৰী গাঁৱত উত্তৰ-পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজখন স্থাপন কৰা হৈছিল৷ মাজুলিৰ উজনি ভাগত এইখনেই একমাত্ৰ জুনিয়ৰ কলেজ আৰু সুদীৰ্ঘ দিন ধৰি ৰাইজৰ দান-বৰঙনিৰে কলেজখন চলাই থকা হৈছে৷ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোনোৱালে বিগত বৰ্ষত কলেজখন প্ৰাদেশিকীকৰণৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল৷ সদ্য সমাপ্ত অসম বিধানসভাৰ অধিবেশনত এই প্ৰসংগত উত্থাপিত প্ৰশ্নত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট আইনৰ আওতাত পৰা ৰাজ্যৰ জুনিয়ৰ কলেজ সমূহ প্ৰাদেশিকীকৰণ কৰাৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ ঘোষনা কৰিছিল৷ শিক্ষামন্ত্ৰীৰ এই ঘোষনাই মাজুলীবাসীৰ মাজত আশাৰ ৰেঙনি সৃষ্টি কৰিছে৷ উত্তৰ-পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজখনৰ প্ৰাদেশিকীকৰণে সমগ্ৰ মাজুলীৰ শৈক্ষিক ক্ষেত্ৰত বৈপ্লবিক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি স্থানীয় লোকে আশা ব্যক্ত কৰিছে৷ স্থানীয় লোকে মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোনোৱালক এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি মাজুলীৰ একমাত্ৰ জুনিয়ৰ কলেজখন প্ৰাদেশিকীকৰণৰ কাৰণে শীঘ্ৰে যাৱতীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷