সোণতলী, ২২মেঃ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে বাট-পথ নিৰ্মাণ তথা মেৰামতিৰ নামত প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও ৰাজ্যৰ অধিকাংশ বাট-পথ এতিয়াও জৰাজীৰ্ণ৷ চৰকাৰে অনুমোদন  জনালেও নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে ৰাজ্যৰ একাংশ বাট-পথ ৷ তাৰেই জলন্ত উদাহৰণ দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী-ছমৰীয়া গড়কাপ্তানী পথ সংযোগী সেলেসুঁতি গাঁৱৰ পৰা ছমৰীয়াপাম সংযোগী পথটো৷ প্ৰায় আঢ়ৈ বছৰ পূৰ্বে এই পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন জনাইছিল ৷ দক্ষিণ কামৰূপৰ ছমৰীয়া-সোণতলী গড়কাপ্তানী পথ সংযোগী সেলেসুঁতিৰ পৰা ছমৰীয়া পামলৈ দুই কিলোমিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল ২০১৫ চনৰ ১ ডিচেম্বৰত৷ অসম গড়কাপ্তানি বিভাগৰ দ্বাৰা ফখৰুদ্দিন আলী আহমেদ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া সেলেসুঁতিৰ পৰা ছমৰীয়াপামৰ জিবিএচ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱা দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল সেলেসুঁতি গাঁৱৰ প্ৰয়াত ৰোমেজ উদ্দিন দেৱানীয়ে৷ আধাৰশিলা স্থাপনৰ কিছুদিন পিছত পথটোৰ নিৰ্মাণ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ যাৰ ফলত যাতায়ত ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ প্ৰায় প্ৰায় ২০ খন গাঁৱৰ বাসিন্দাই৷ পথটোৰ নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে অধিক মুনাফাৰ লোভত পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত হেমাহি কৰি নিম্নমানৰ সা-সামগ্ৰী ব্যাৱহাৰ কৰা বুলিও ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ কৰিছে ৷ অতি শীঘ্ৰে পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷