গুৱাহাটী

১ জুলাই

মহানগৰী গুৱাহাটীৰ মালিগাঁৱত এঘৰ মানুহৰ কুৱাৰ ভিতৰত পৰা উদ্ধাৰ হ’ল নাহৰফুটুকী বাঘ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা নাহৰফুটুকী বাঘটো হঠাৎ এঘৰ মানুহৰ কুৱাত পৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকী বাঘটোক।

বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ মালিগাঁৱৰ পূব মাধৱদেৱ নগৰত এঘৰ মানুহৰ লোকৰ কুৱাত এটা নাহৰফুটুকী বাঘ পৰি যোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পাহাৰীয়া অঞ্চলটোৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নাহৰফুটুকী বাঘটো ওলাই অহাত হঠাতে নাহৰফুটুকী বাঘটো কুৱাত পৰি যায়।

ঘৰটোৰ গৰাকীয়ে কুৱাৰ ভিতৰত নাহৰফুটুকী বাঘ পৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিভাগৰ দল এটা উপস্থিত হৈ দীর্ঘসময় ধৰি চেষ্টা চলাই নাহৰফুটুকী বাঘটোক কুৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে। প্ৰায় দুঘণ্টা সময় ধৰি বন বিভাগে চেষ্টা চলাই নাহৰফুটুকী বাঘটোক কুৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিভাগৰ দলটোৱে নাহৰফুটুকী বাঘটোক উদ্ধাৰ কৰি চিৰিয়াখানালৈ প্ৰেৰণ কৰে। ইফালে কুৱাৰ ভিতৰত নাহৰফুটুকী বাঘ পৰাৰ খবৰ পাই নাহৰফুটুকী বাঘটোক চাবলৈ বহু লোকে ভিৰ কৰে। উল্লেখ্য যে মালিগাঁও অঞ্চলত প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নাহৰফুটুকী বাঘ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে।