জোনমণি বেগম

বিশ্বনাথ

১ জুলাই

বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে বুধবাৰে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মতে জিলাখনৰ প্ৰতিখন থানাই জিলাখনত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযান চলায়।

বিশ্বনাথ সদৰ আৰক্ষী থানাৰ এটা দল বিহালী, চতিয়া আৰু জিনজিয়া আৰক্ষী থানাৰ সহযোগত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই উদ্ধাৰ কৰে ১০৫০ টা অবৈধ সুৰাৰ বটল। আৰক্ষীয়ে অবৈধ সুৰা দুজন বেপাৰীকো আটক কৰিবলৈ সক্ষম হয়। জিলাখনত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে জিলাবাসীয়ে আৰক্ষীৰ শলাগ লৈছে।

উল্লেখ্য যে বিগত সময়ছোৱাত অসম আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বিশ্বনাথ আৰক্ষীও এই নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত পূৰ্ণ সহযোগ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আগন্তক দিনত অবৈধ সুৰাৰ লগতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে জিলাৰ উপ-আৰক্ষী অধীক্ষক।