সোণাপুৰ, ১৯ ছেপ্টেম্বৰঃ সোণাপুৰৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত কামৰূপ জিলা মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়৷ সোণাপুৰৰ বিশিষ্ট সমাজসেৱক অজিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম মল্লযুঁজ সন্থাৰ কামৰূপ মহানগৰ জিলাৰ পূৰ্বৰ সমিতিখন ভঙ্গ কৰি নতুন সমিতিখন গঠন কৰা হয়৷ ডম্বৰুধৰ দাসক সভাপতি আৰু কঙ্কন দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া নতুন সমিতিখন গঠন কৰা হয়৷ সভাত অসম মল্লযুঁজ সন্থাৰ সভাপতি পিযুষ হাজৰিকা, উপ সভাপতি বিনোদ ক্কোবাঙ, কাৰ্য্যকৰী সভাপতি উজ্জল বৰুৱা, সাধাৰণ সম্পাদক অভিজিৎ নাথ, যুটীয়া সম্পাদক ৰাতুল শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাত ভাষণ দিয়ে৷