গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ অনুসূচিত জাতি জনজাতিৰ নামত ভূৱা প্ৰমাণপত্ৰৰে চাকৰি কৰি থকা ৰাজ্যৰ একলাখ ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে৷ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে এক বিবৃতিত কয় যে, ভাৰতৰ সংবিধানে অনুসূচিত জাতি জনজাতিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে প্ৰদান কৰা সংৰক্ষণৰ ব্যৱস্থাৰ দ্বাৰা এচাম অনা অনুসূচিত জাতিৰ ব্যক্তিয়ে বিভিন্ন চল চাতুৰীৰে ব্যক্তিগত মুনাফা আদায় কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন বিভাগত ভূৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰি প্ৰায় এক লাখতকৈ অধিক লোকে বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে৷ পৰিষদে এনে ভূৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা অনুসূচিত জাতি জনজাতিৰ লোকৰ বিৰুদ্ধে ধাৰাবাহিকভাবে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে৷ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে এই আন্দোলনৰ প্ৰাথমিক পৰ্য্যায়ত গড়কাপ্তানী বিভাগত কৰ্মৰত গ্ৰাম্য পথ শাখাৰ বটদ্ৰৱাৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা অজিত কুমাৰ মেধিৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী চকীত জালিয়তি আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে৷ দাসে অভিযোগ কৰা মতে অজিত কুমাৰ মেধি অনা অনুসূচীত জাতিৰ লোক হোৱাৰ পিচতো অনুসূচীত জাতিৰ কাৰণে সংৰক্ষিত পদত কাৰ্য্যনিৰ্বাহ কৰি আছে৷ মেধিয়ে নব্বৈ দশকতে দালালৰ সহায়ত জিলা প্ৰশাসনক বিপথে পৰিচালিত কৰি অনুসূচীত জাতিৰ ভূৱা প্ৰমাণ পত্ৰৰে গড়কাপ্তানী পদত নিযুক্তি লাভ কৰিছিল৷ পৰিষদে অজিত কুমাৰ মেধিক গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ শাখাৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা পদৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে৷ দাসে লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগত মেধিৰ ঘনিষ্ঠতা থকাৰ কাৰণে বিগত ডেৰ বছৰত মেধিয়ে অতি নিন্ম মানদণ্ডৰ কাম কৰি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে৷