বাক্সা : বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত দিনক দিনে বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। বিভিন্ন সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় যদিও বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে ভালুকৰ সন্ত্ৰাস। এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জ্ঞাতিগাঁৱত হৰিণাৰ আক্ৰমণত নিহত হৈছে এজন বৃদ্ধ।

বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত বিগত কিছুদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ভালুকে সন্ত্ৰাস চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ভালুকৰ আক্ৰমণত আহত হৈছে কেইবাজনো লোক। ভালুকৰ সন্ত্ৰাসৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা হৰিণা এটাই সন্ত্ৰাস চলাই ৰাইজক আতংকিত কৰি ৰাখিছে।

হৰিণাটোৱে এইবাৰ এজন বৃদ্ধক আক্ৰমণ কৰাত নিহত হয় বৃদ্ধজন। শালবাৰীৰ জ্ঞাতিগাঁৱৰ বীৰছা খাড়িয়া নামৰ বৃদ্ধজন পুৱতি নিশা ঘৰৰ পৰা ওলাই অহাত হৰিণাটোৱে বৃদ্ধজনক আক্ৰমণ কৰে। ঘটনাৰ খবৰ পাই বনবিভাগৰ চিকিৎসকৰ দল এটাই হৰিণাটোক ট্ৰেকুংলাইজ কৰিবলৈ সক্ষম হয়।

ফ্লৰিকান নামৰ এখন ল’জৰ কাষত আশ্ৰয় লৈ থকা হৰিণাটোক বন বিভাগে উদ্ধাৰ কৰি পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে। হৰিণাৰ আক্ৰমণত এজন বৃদ্ধ নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ইফালে হৰিণাটোৰ আক্ৰমণত নিহত হোৱা লোকজনৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে।