ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : ২০৩০ চনৰ ভিতৰত মহিলাৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে অভিযান “ইউ এন আই টি ই” পালন কৰি আছে। এই অভিযান হৈছে মহিলা আৰু ছোৱালীৰ লিংগ-আধাৰিত হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা, যি ২০২১ চনৰ ২৫ নৱেম্বৰত মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱসত আৰম্ভ হৈছিল আৰু ১০ ডিচেম্বৰ ২০২১ ত মানৱ অধিকাৰ দিৱসত সমাপ্ত হ’ব। অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়েও ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে।

এই অনুসৰি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনৰ পৰা নাজিৰা নাট্য মন্দিৰলৈ, মহিলা আৰু কন্যা সন্তানৰ নিৰ্যাতনৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু ইয়াৰ সমাধানৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমাজ কল্যান বিভাগ আৰু নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত এখনি শোভাযাত্ৰা আৰম্ভ কৰা হয়। শোভাযাত্ৰাৰ অন্তত নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই ৰচনা কৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই নাটখনৰ মূল বিষয়বস্তু আছিল যৌতুক প্ৰথা নিৰ্মূল কৰা। পৰিচালনা জোতিমণি হাতীকাকতিৰ।

নাটকখন অঙ্গনৱাড়ী কৰ্মী সকলে প্ৰদৰ্শন কৰে। অভিনয় কৰে জোতিমণি হাতীকাকতী, ৰূপা দত্ত আৰু ভানু দত্তই। নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে আনুষ্ঠানিকভাৱে মুকলি কৰা এই শোভাযাত্ৰাত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়া, পোষণৰ খণ্ড সমন্বয়ক অভিনৱ গগৈ, নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা সকল, অংগনৱাড়ী কৰ্মী সকল উপস্থিত থাকে।