নিউজ ডেস্ক, সংবাদ ৩৬৫, ২জুলাই : মেঘালয়ৰ পূৱ খাচী পাহাৰৰ নহুৱেত ২০০ বছৰীয়া পুৰণি জীৱিত শিপাৰ সাঁকো উদ্ধাৰ কৰে উক্ত অঞ্চলৰ গাঁওবাসীয়ে। এই সাঁকোখনৰ কাষতে বৃহৎ বৃহৎ আকাৰৰ শিল দম কৰি ৰখাৰ ফলত যাতায়তৰ ক্ষেত্ৰত গাঁওবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। সাঁকোখনৰ এই দুৰৱস্থা দেখি নহুৱেৰ গাওঁবুঢ়া বচ্ছ সুৱেল শংঠৰেম আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জীৱিত শিপাৰ সাঁকোখন ৰক্ষা পৰে।

তাৰোপৰি তেওঁলোকে কঠাল গছৰ কাঠ আৰু মাটিৰ প্ৰলেপ মিশ্ৰণ কৰি সাঁকোখনত লগোৱাৰ লগতে মোমাই তামুলী গছ সাঁকোখনৰ ওপৰত পাৰি দি যাতায়তৰ বাবে উপযোগী কৰি তুলিছে। উল্লেখযোগ্য যে মেঘালয়ৰ পূব খাচী পাহাৰৰ গাঁওবাসীৰ বিশ্বাস যে মাটিৰ মিশ্ৰণ শিপাৰ বাবে আটাইতকৈ পুষ্টিকৰ।
কঠাল গছৰ কাঠ আৰু মাটিৰ প্ৰলেপ মিশ্ৰণ কৰাৰ লগতেও স্থানীয় লোকসকলে ৰবৰ বৃক্ষ ৰোপন কৰে যাতে ভৱিষ্যতে জীৱিত শিপাৰ সাঁকোৰ ৰূপ ল’ব।

উল্লেখযোগ্য যে উক্ত গাঁৱৰ লোকসকলে পকী দলং নিৰ্মান নকৰাকৈ কেবা দশক ধৰি ৰবৰ গছৰ জীৱিত শিপাৰ সাঁকোৰে নৈ পাৰ হবলৈ ব্যৱহাৰ কৰি আহিছে। এই জীৱিত শিপাৰ সাঁকো প্ৰাকৃতিকভাৱে আটাইতকৈ আকৰ্ষণীয় বুলি বিশ্বাস কৰা হয় যিয়ে বহু পৰ্যটকক আকৰ্ষিত কৰি তুলিছে।