গুৱাহাটী, সংবাদ ৩৬৫, ২ জুলাই : অসম চৰকাৰ হায় হায় ধব্বনিৰে উত্তাল হ’ল দীপৰ বিলৰ পাৰ । দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’বলগীয়া দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ । চলন্ত ৰেলৰ কাষত থিয় হৈ অঞ্চলবাসী ৰাইজে কৰিলে প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ’ল দ্বীপৰ বিলৰ পাৰ ।

উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰেলৱে লোৱা সিদ্ধান্তই এতিয়া মৃত্যুৰ দুৱাৰমুখলৈ ঠেলি দিছে বনহস্তীসকলোৰ লগতে স্থানীয় গাওঁসমূহলৈ । দ্বীপৰ বিলৰ পাৰত থকা ৰেলপথটোত বৰ্তমানলৈ ১৪ টা হাতীৰ মৃত্যু হোৱাৰ লগতে বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছে তথাপিও যেন কোনো কাণষাৰ নাই ৰেলবিভাগৰ লগতে বনবিভাগৰ ।

ইয়াৰপিছত দ্বৈত ৰেলপথ নিৰ্মানৰ ফলত বন্যহস্তী মৃত্যুমুখত পৰাৰ লগতে বন্যহস্তীবোৰ দ্বীপৰ বিলত খাদ্যৰ সন্ধানত নামিবলৈ নাপাই অঞ্চলৰ গাঁওসমূহত যে তাণ্ডৱ চলাব সেয়া নিশ্চিত । যাৰ ফলত হাতী-মানুহৰ সংঘাত সৃষ্টি হ’ব । লগতে দ্বীপৰ বিলৰ সমীপৰ মিকিৰপাৰা চকৰ্দৌ গাওৰ লগতে ইয়াৰ আশে-পাশে থকা গাওঁসমূহৰ বৃহৎ ক্ষতিসাধন কৰিব । সেইবাবে দ্বৈত ৰেলপথৰ বিৰুদ্ধে চলি আছে আৰু দ্বৈত ৰে’লপথৰ কাম বন্ধ নকৰিলে চলি থাকিব বুলি হুংকাৰ স্থানীয় ৰাইজৰ ।